Cartoon
View Older
গুৱাহাটী, ২৩ জুলাইঃ বিগত ২৪ ঘণ্টাত দেশত ২১,৪১১।জন লোক ক'ভিডত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ সৈতে, দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১,৫০,১০০ জনলৈ বৃদ্ধি পাইছে।
ইপিনে, বিগত ২৪ ঘন্টাত ৬৭ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে, যাৰ ফলত ক'ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,২৫,৯৯৭ জনলৈ বৃদ্ধি পাইছে।
তদুপৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২০,৭২৬ জন ৰোগী ক'ভিড আৰোগ্য হৈছে, ইয়াকে লৈ ক'ভিড আৰোগ্য ৰোগীৰ সংখ্যা ৪,৩১,৯২,৩৭৯ জনত উপনীত হৈছে।
দেশত বৰ্তমানলৈ ২০১,৬৮ কোটি ভেকছিনৰ পালি প্ৰদান কৰা হৈছে, লগতে বিগত ২৪ ঘণ্টাত ৩৪,৯৩,২০৯ পালি প্ৰদান কৰা হৈছে।
Comments