গুৱাহাটী,২৪ জুলাই: লেখিকা সংস্থা অসমৰ অন্যতম শাখা সংস্থা পশ্চিম গুৱাহাটী শাখাৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত ডঃ যুথিকা দাস সোঁৱৰণী বক্তৃতা অনুষ্ঠানটি সুচাৰুৰূপে হৈ যায়। উল্লেখযোগ্য যে ওৰেটো জীৱন নাৰী শিক্ষাৰ অধিকাৰ -সমতাৰ হকে কাম যোৱা তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগ প্ৰাক্তন অধ্যাপিকা ডঃ যুথিকা দাস সোঁৱৰণী আজিৰ সভাৰ সভাপতিত্বকৰে লেখিকা সংস্থা অসমৰ পশ্চিম গুৱাহাটী শাখাৰ সভাপতি মালতী গোস্বামীয়ে।ইপিনে শাখাৰ সম্পাদিকা ডঃ বিনীতা দাসৰ আদৰণি ভাষণৰে আৰম্ভ হোৱাৰ অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী অধ্যাপিকা ডঃ নলিনী দেৱী মিশ্ৰই -"বৈদিক নাৰী বনাম আধুনিক নাৰী"শীৰ্ষক বিষয়ৰ ওপৰত ভাষণৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে।
তেওঁ কয় যে, ভাৰতত বৈদিক যুগৰে পৰা নাৰীক সন্মান প্ৰদান কৰি অহা হৈছে। বৈদিক যুগতে নাৰীক মন্ত্ৰোচ্চাৰণত অংশগ্ৰহণ কৰিবলৈ দিয়া, সময়ৰ জোখ বুজাবলৈ নাৰী বাচক শব্দ ব্যৱহাৰ কৰা আদিৰ লগতে বেদ উপনিষদতো যে নাৰীৰ স্থান সুকীয়া আছিল তাক প্ৰকাশ কৰে। অৱশ্যে বৰ্তমান সময়তো নাৰী দিৱস উদযাপন কৰি নাৰীৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা কথাক লৈ খেদ প্ৰকাশ কৰে। আনহাতে নাৰী শক্তি তথা সতীত্ব গুণৰ বলত যে নাৰীয়ে নিজৰ মৃত স্বামীকো জীয়াই তুলিব পাৰিছিল এই কথা বিশেষ ভাবে উল্লেখ কৰে।
আনহাতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি যুথিকা দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে যুথিকা দাসৰ পৰিয়ালবৰ্গ, সংস্থাৰ বিষয়ববীয়া সকলে। শাখাৰ প্ৰাক্তন সম্পাদিকা ডঃ ৰুণু কলিতাৰ শলাগৰ শৰাইৰে সামৰণী পৰা সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ডঃ লোপা বৰুৱা , ডঃ কৰবি দেৱী,ডঃ কণিকা মেধি ডঃ ট্ৰণ্ডালি দাস, নিৰূপা পটংগীয়া শইকীয়া, ডঃ সংগীতা ৰাজখোৱা , অদিতি বৰুৱা, তৰালী দেৱীকে ধৰি কেইবাগৰাকীও বিদ্যান ব্যক্তি।
Comments