গুৱাহাটী,২৪ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজীনত চলি থকা অষ্টাদশ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত জেভলিন থ্ৰ’ৰ ফাইনেলত নীৰজ চোপ্ৰাই ৰূপৰ পদক অৰ্জন কৰিছে । নীৰজে জেভেলিন থ্ৰ’ৰ ফাইনেলত ৮৮.১৩ মিটাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ হিচাবে ইতিহাস ৰচনা কৰে । আনহাতে, এণ্ডাৰছন পিটাৰ্ছে ৯০.৪৬ মিটাৰ থ্ৰ’ৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
প্ৰতিযোগিতাখনত নীৰজ চোপ্ৰাৰ প্ৰথমটো থ্ৰ’ ফাউল আছিল । দ্বিতীয় থ্ৰ’টো নীৰজে ৮২.৩৯ মিটাৰলৈ দলিয়াইছিল, আনহাতে নীৰজে তৃতীয় থ্ৰ’ ৮৬.৩৭ মিটাৰ আৰু চতুৰ্থটো থ্ৰ’ ৮৮.১৩ মিটাৰ দলিয়াইছিল । প্ৰতিযোগিতাত তেওঁ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৮৮.১৩ মিটাৰ ।উল্লেখ্য যে, নীৰজ বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা দ্বিতীয় ভাৰতীয় আৰু প্ৰথম পুৰুষ ট্ৰেক এণ্ড ফিল্ড এথলীট ৷ ইয়াৰ পূৰ্বে ২০০৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত কিংবদন্তী লং জাম্পাৰ অঞ্জু ববি জৰ্জে ভাৰতৰ হৈ প্ৰথমবাৰলৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।
Comments