Cartoon
View Older
গুৱাহাটী,২৪ জুলাই:শনিবাৰে ৰাঁচীত অনুষ্ঠিত এক অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয় যে তেওঁ সক্ৰিয়ভাৱে ৰাজনীতি কৰিব বিচাৰিছিল । ৰাজনীতিৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছিল। কিন্তু শেষত ৰাজনীতিবিদ হ’ব নোৱাৰিলে ।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে কয় “মই সক্ৰিয় ৰাজনীতিত যোগদান কৰিবলৈ আগ্ৰহী আছিলো। কিন্তু মোৰ ভাগ্যত আৰু কিবা এটাহে লিখা আছিল। কিন্তু মই ইয়াৰ কাৰণে ইমান কষ্ট কৰি শেষত এৰি দিয়াৰ সিদ্ধান্তটো একেবাৰেই সহজ নাছিল ।”
আনহাতে,দেশৰ ন্যায়াধীশসকলৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আজিকালি অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ ওপৰত শাৰীৰিক আক্ৰমণৰ ঘটনা প্ৰত্যক্ষ কৰা দেখা গৈছে । ই এক চিন্তাৰ বিষয় ।”
Comments