গুৱাহাটী,২৬ জুলাই:পুনৰ ভাৰত বাংলাদেশ আৰু পাকিস্তানৰ সৈতে একত্ৰিত হʼব পাৰে। যেনেদৰে পূব আৰু পশ্চিম জাৰ্মানীয়ে কৰিছিল। বিভাজন অতি কঠিন। এই মন্তব্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ।সোমবাৰে গুৰুগ্ৰামত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাত ভাৰতৰ ঐক্যৰ কথা কওঁতে খট্টৰে বিভাজনৰ বিষয়টো উত্থাপন কৰে।
তেওঁৰ ভাষাত, “যদি পূব আৰু পশ্চিম জাৰ্মানীক একত্ৰিত কৰিব পৰা যায়, তেতিয়াহ’লে ভাৰতৰ লগতে পাকিস্তান আৰু বাংলাদেশকো একত্ৰিত কৰিব পৰা যাব। বেছি দিনৰ আগতে নহয়। ১৯৯১ চনত বাৰ্লিনৰ দেৱাল ভাঙি যোৱাৰ সময়ত এনেকুৱা হৈছিল। একেদৰে ভাৰত পুনৰ ঐক্যবদ্ধ হʼব পাৰে।”উল্লেখ্য, মোদী চৰকাৰৰ দিনত চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ সম্পর্ক অধিক শক্তিশালী হৈ উঠিছে বুলি দাবী কৰে বিজেপি নেতাগৰাকীয়ে৷ তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে সদায় চুবুৰীয়া দেশসমূহৰ সৈতে সু-সম্পৰ্ক বিচাৰে।
Comments