গুৱাহাটী,২৭ জুলাই:বলীউড অভিনেতা অক্ষয় কুমাৰ হিন্দী চলচ্চিত্ৰ উদ্যোগত সৰ্বাধিক কৰ পৰিশোধ কৰা অভিনেতা হিচাবে পৰিচিত। সেয়েহে অক্ষয় কুমাৰক ভাৰতৰ আয়কৰ বিভাগে সন্মানীয় পত্ৰৰে সন্মানিত কৰিছে, যাৰ এখন ফটো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ আছে। অৱশ্যে, অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
প্ৰতিবেদন অনুসৰি, তেওঁৰ দলে অক্ষয়ৰ ফালৰ পৰা এই সন্মান পত্ৰ খন লৈছে। উল্লেখ্য যে, অক্ষয় কুমাৰ বিগত ৫ বছৰ ধৰি ভাৰতৰ সৰ্বোচ্চ কৰ দাতাৰ তালিকাত আছে। অক্ষয়ৰ অনুৰাগীসকলে তেওঁক অভিনন্দন জনাই ছচিয়েল মিডিয়া প্লেটফৰ্মত মন্তব্য কৰি আহিছে। সন্মানপত্ৰখনৰ এখন ফটো শ্বেয়াৰ কৰি এজন অনুৰাগীয়ে লিখিছে, “আয়কৰ বিভাগে চুপাৰষ্টাৰ অক্ষয় কুমাৰক সন্মানপত্ৰৰে সন্মানিত কৰিছে আৰু তেওঁক হিন্দী চলচ্চিত্ৰ উদ্যোগৰ সৰ্বোচ্চ কৰদাতা বুলি অভিহিত কৰিছে। তেওঁক অইন দেশৰ মানুহ বুলি কোৱা সকলৰ মুখ এতিয়া বন্ধ হ'ব ।”
খিলাড়ী কুমাৰ বৰ্তমান টিনু দেশাইৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে লণ্ডনত আছে। ইয়াৰ পিছত, তেওঁ আহিবলগীয়া ছবি ‘ৰক্ষা বন্ধন’ ৰ প্ৰচাৰত ব্যস্ত থাকিব। ছবিখন আনন্দ এল ৰায়ৰ দ্বাৰা পৰিচালিত। ‘ৰক্ষাবন্ধন’ ২০২২ চনৰ ১১ আগষ্টত মুক্তি পাব। ইয়াৰ উপৰিও, অক্ষয়ক ‘ছেলফি’, ‘ৰাম সেতু’, ‘ওহ মাই গড ২’ত দেখা যাব।
Comments