Cartoon
View Older
গুৱাহাটী, ২৭ জুলাইঃ দেশত বিগত ২৪ ঘণ্টাত ১৮,৩১৩ জন ক'ভিডত আক্রান্ত হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত জানিব পৰা গৈছে। ইয়াৰ সৈতে, দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১,৪৫,০২৬ জনলৈ বৃদ্ধি পাইছে।
ইফালে, বিগত ২৪ ঘন্টাত ৫৭ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত ক'ভিডত মৃত্যু হোৱাৰ সংখ্যা ৫,২৬,১৬৭ জনলৈ বৃদ্ধি পাইছে।
তদুপৰি, বিগত ২৪ ঘন্টাত ২০,৭৪২ জন লোক ক'ভিড আৰোগ্য হৈছে, ইয়াকে লৈ দেশত মুঠ ক'ভিড আৰোগ্যৰ সংখ্যা ৪,৩২,৬৭,৫৭১ জনত উপনীত হৈছে।
আনহাতে, দেশব্যাপী ছিটাকৰণ অভিযানৰ অধীনত বিগত ২৪ ঘণ্টাত ২৭,৩৭,২৩৫ টা ক'ভিডৰ পালি প্ৰদান কৰা হৈছে।
Comments