গুৱাহাটী,২৭ জুলাই : প্ৰথম পৰ্যায়ত মাত্ৰ ২ টা দিনতে পৰ্টেলৰ যোগেদি ৭,৭১৬ গৰাকী শিক্ষকৰ বুজাবুজি বদলিকৰণৰ কাম সম্পন্ন কৰিছে শিক্ষা বিভাগে । এই কথা সদৰি কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । আনহাতে, দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে শিক্ষা মন্ত্রীগৰাকীয়ে ।
শিক্ষক বদলিকৰণৰ প্ৰসংগত তেওঁ কয় যে, পূৰ্বে শিক্ষকৰ বদলিৰ হাজাৰ হাজাৰ ফাইল দিছপুৰত পৰি আছিল । এতিয়া সেই পৰিৱেশ নাই। কাকো সাক্ষাৎ নকৰাকৈ, তামোল এখনো নোখোৱাকৈ অনলাইন প'ৰ্টেলৰ জৰিয়তে বদলিকৰণৰ কাম সম্পন্ন হৈছে । আনহাতে, বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে । তেওঁ স্পষ্টকৈ কৈছে যে, নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয় । কেৱল বিদ্যালয় প্ৰাদেশিকীকৰণ আইন-২০১৭ ৰ আওঁতাত যিসমূহ বিদ্যালয় আহিব সেই বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰা হ'ব ।
ইফালে বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভতো তেওঁ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য ।শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ১০০ তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় ৰাজ্যত প্ৰায় এহাজাৰ খন মান আছে । শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'বই । এই ক্ষেত্ৰত দূৰত্বৰ কথা প্ৰাসংগিক নহয় বুলিও তেওঁ মন্তব্য কৰে।
Comments