গুৱাহাটী,২৭ জুলাই:ফৰাচী লেখিকা ক্লেয়াৰ লে মিচেলৰ কৃপাত যোৱা বছৰ মৃত্যু হোৱা ৰয়েল বেংগল টাইগাৰ জৰ্জে ইউৰোপীয় ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ইউৰোপীয় ছ’চিয়েল মিডিয়াত হঠাতে জৰ্জ হিট হোৱাৰ কাৰণ হ’ল জৰ্জৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা এটা গেম ।
জৰ্জ ফৰাচী পাঠ্যক্ৰমৰ অংশও হৈ পৰিছে আৰু ইয়াৰ শিৰোনাম হৈছে ‘জৰ্জৰ কাহিনী’।লেখিকা আৰু নৃত্যশিল্পী ক্লেয়াৰ ২০১৯ চনত এক এচাইনমেণ্টৰ বাবে ভাৰতৰ থিৰুৱনন্থপুৰমলৈ আহিছিল আৰু এলায়েন্স ফ্ৰান্সেইজ ডি ট্ৰিভেণ্ড্ৰামৰ সৈতে জড়িত হৈ পৰিছিল আৰু তেওঁৰ এচাইনমেণ্টৰ বিষয় আছিল "প্ৰকৃতি আৰু জীৱ-জন্তুৰ মাজত সংযোগ"।
ট্ৰিভেণ্ড্ৰাম চিৰিয়াখানাৰ পশু চিকিৎসক জেকব আলেকজেণ্ডাৰ আৰু জৰ্জৰ বিষয়ে প্ৰথমে ফৰাচী ব্লগত প্ৰকাশ পাইছিল, পিছলৈ ৰেডিঅ’ত প্ৰচাৰ কৰা হৈছিল আৰু অৱশেষত ফৰাচী পাঠ্যক্ৰমত স্থান পাইছিল আৰু এতিয়া ইউৰোপীয় ছ’চিয়েল মিডিয়াত বিপুল জনপ্ৰিয় হৈ পৰিছে ।প্ৰসংগক্ৰমে ২০১৫ চনত বাঘটো ৱায়ানাদৰ পৰা অনা হৈছিল।আলেকজেণ্ডাৰে কয় যে যেতিয়া বাঘটো ইয়ালৈ অনা হৈছিল, তেতিয়া কোনোৱেই আশা কৰা নাছিল যে ই জীয়াই থাকিব, কিন্তু আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলো আৰু তাক জীয়াই তুলিছিলো। ২০১৫ চনত যেতিয়া তাক আমাৰ ওচৰলৈ অনা হৈছিল, তেতিয়া তাৰ বয়স আছিল প্ৰায় ১৬ বছৰ আৰু ২০২১ চনৰ ডিচেম্বৰৰ শেষ সপ্তাহত তাৰ মৃত্যুৰ সময়ত বয়স আছিল ২২ বছৰ ।ক্লেয়াৰ পুনৰ ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু ‘গেম’টো বিশ্বব্যাপী প্ৰচাৰৰ পৰিকল্পনা কৰা হৈছে।
Comments