সোণাৰি, ২৭ জুলাই : সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ আজি ৩১ তম শ্বহীদ দিৱস উপলক্ষে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এক লিখিত বক্তব্যত সংগ্ৰামী অসমৰ খিলঞ্জীয়া ৰাইজলৈ দলৰ সৰ্বস্তৰৰ সহযোদ্ধাৰহৈ সশ্রদ্ধ প্ৰণিপাত জনাই অসমৰ জাতীয় মুক্তি সংগ্ৰামত নিজৰ অমূল্য জীৱন বলিদান দিয়া সমুহ অমৰ জাতীয় শ্বহীদলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
ত্যাগ, বলিদান আৰু অসমপ্ৰেমৰ আদৰ্শ প্ৰতিষ্ঠাৰ নিদৰ্শন স্থাপনৰ পবিত্ৰ ক্ষণত অমৰ জাতীয় শ্বহীদৰ সমুহ পৰিয়াল স্বজনলৈ দলৰ হৈ গভীৰ সমবেদনা আৰু সহমর্মিতা যাচি ৰাজখোৱাই
শ্বহীদৰ ত্যাগৰ মূল্য আৰু মৰ্যদা কেৱল সংযুক্ত মুক্তি বাহিনী,অসমকেই নহয় সমগ্ৰ অসমৰ খিলঞ্জীয়া জনসমাজক লাগে বুলি বক্তব্যত উল্লেখ কৰিছে।
অসম ভাৰত সংঘাত সমাধানতহে ত্যাগৰ মূল্য আৰু মৰ্যদা নিশ্চিত হ'ব বুলি কৈ তেওঁ "আমি ৩২ বছৰ সংঘৰ্ষময় সশস্ত্ৰ পদ্ধতিৰ সমাধানৰ প্ৰয়াস কৰিছোঁ আৰু ১১ বছৰে শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ চেষ্টা অব্যাহত ৰাখিছো। ভাৰত যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ নেতৃত্বই অসম ভাৰত সংঘাতৰ শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ ১১ বছৰীয়া আশ্বাস আমি দৃঢ়তাৰে আৰু ধৈৰ্যৰে ধৰি ৰাখিছো, দলৰ কর্মকর্তা, সতীর্থ সকলে অসীম ধৈর্য, অসীম সহিষ্ণুতাৰে সমগ্ৰ ৰাজনৈতিক সমাধানৰ প্ৰক্ৰিয়াটোত আগবঢ়োৱা সহযোগিতাক সন্মান জনাই এই প্ৰক্ৰিয়াৰ নিশ্চয়তা নোহোৱালৈকে সচেতন আৰু সজাগ থাকিবলৈ সতীৰ্থ সকলৰ লগতে ৰাইজলৈ আহ্বান জনালো।’
অতিশীঘ্ৰে ৰাজনৈতিক সমাধান নিশ্চিত কৰিবলৈ শ্বহীদ দিৱসৰ অনুষ্ঠানৰ পৰা ভাৰত যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি পুনৰ আহ্বান জনাইছো বুলি উল্লেখ কৰি ৰাজখোৱাই লিখিত বক্তব্যটোত সকলোৰে সুস্বাস্থ্য আৰু সৱল মানসিকতা ধৰি ৰখাত সফল হোৱাৰ শুভকামনা প্ৰকাশ কৰে। উল্লেখযোগ্য যে,
সংযুক্ত মুক্তি বাহিনী অসমৰ সমূহ নৱ নিৰ্মাণ কেন্দ্ৰৰ লগতে লাকুৱাস্থিত নৱ নিৰ্মাণ কেন্দ্ৰত আজি আলফাৰ ৩১ সংখ্যক শ্বহীদ দিৱস নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি পালিত হয়।
Comments