গুৱাহাটী,২৮ জুলাইঃ চম্বলৰ কুখ্যাত ডকাইত, লালাৰাম গেঙৰ অন্যতম দুর্ধর্ষ সদস্য তথা ফুলনদেৱীক এসময়ত অপৰহণ কৰাৰ লগতে তেওঁৰ প্ৰেমিকক গুলীয়াই হত্যা কৰা ঘটনাৰে জড়িত ছেড়া সিং অবশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল। ছেফাই ইনষ্টিটিউট অব মেডিকেল ছায়েন্সত চিকিৎসাধীন হৈ থকা অৱস্থাত এইজন দুর্ধর্ষ ডকাইতৰ মৃত্যু হৈছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৯ বছৰ হৈছিল। উল্লেখ্য যে ১৯৮৯ বৰ্ষত ছেড়া সিঙক উত্তৰ প্ৰদেশ চৰকাৰে পলাতক অপৰাধী হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰ পৰা ২০ বছৰতকৈ অধিক কাল তেওঁ আৰক্ষীৰ চকুত ধুলি দি আছিল। কিন্তু চলিত বৰ্ষৰ ৫ জুন তাৰিখে উত্তৰ প্ৰদেশৰ আৰিয়া নামৰ এটা অঞ্চলৰ ভাছাউন গাঁৱত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্রায় ডেৰ মাহৰ পূৰ্বে আৰক্ষীৰ জালত পৰিলেও শাৰীৰিকভাৱে ৰোগগ্রস্ত হৈ আছিল এসময়ৰ এই দুর্ধর্ষ ডকাইতজন। ফলত আৰক্ষীয়ে তেওঁক উত্তৰ প্ৰদেশত এটাৱা জিলাত অৱস্থিত ছেফাই ইনষ্টিটিউট অব মেডিকেল ছায়েন্সত ভৰ্তি কৰিছিল। যক্ষ্মা আৰু অন্যান্য বহুকেইটা জটিল ৰোগত আক্ৰান্ত হৈ থকা ছেড়া সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল। উল্লেখ্য যে এসময় চম্বলৰ কুখ্যাত ডকাইত আৰু পিছত সাংসদ হিচাপে নিৰ্বাচিত হোৱা ফুলন দেবীক নিচেই সৰু কালতে অপহৰণ কৰিছিল আৰু বিভিন্ন প্রকাৰৰ নির্যাতন চলাইছিল। ডকাইতৰ দলে ফুলন দেৱীক বন্দী কৰি ৰাখিছিল। ফুলন দেৱীৰ প্ৰেমিকক তেওঁৰ সন্মুখতে গুলীয়াই হত্যা কৰিছিল।
পিছত ১৯৮১ৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ফুলন দেৱীয়ে তেওঁক যৌন নির্যাতন চলোৱা ২১ জন অভিযুক্তক শাৰী পতাই গুলীয়াই হত্যা কৰিছিল। কিন্তু এই অভিযানত ফুলন দেৱীৰ হাতৰ পৰা ছেড়া সিং সাৰি গৈছিল। নাম সলনি কৰি আৰু সংঘৰ্ষত মৃত্যু হোৱা বুলি দেখুৱাই ছেড়া সিত্তে ইমানদিনে আত্মগোপন কৰি আছিল। আনকি নিজৰ সকলো সা-সম্পদ ভাতৃ অজয় সিঙৰ নামলৈ হস্তান্তৰ কৰিছিল। ২০ টাতকৈ অধিক হত্যা, অপহৰণ, ধনদাবী, নির্যাতন আদিৰ গোচৰ চলি আছে ছেড়া সিঙৰ বিৰুদ্ধে। চলিত বৰ্ষৰ ৫ জুন তাৰিখে তেওঁক গ্ৰেপ্তাৰৰ সময়ত ভুৱা পৰিচয়পত্র, পেনকার্ড, আধাৰ কাৰ্ড আদি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। ব্রজমোহন হিচাপে নিজকে পৰিচয় দিছিল এইজন সুচতুৰ ডকাইতে। এনেকৈয়ে চম্বলৰ এসময়ৰ কুখ্যাত ডকাইত গেঙৰ এক জীৱন্ত চৰিত্ৰৰ অৱসান ঘটিল। ডকাইত দলৰ চৰ্চাৰ শীৰ্ষত থকা ফুলন দেবীয়ে সমাজবাদী পাৰ্টীৰ সদস্য হিচাপে ১৯৯৬ত মির্জাপুৰ সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত পুনৰ নিৰ্বাচিত হৈছিল। কিন্তু ২০০১ চনত নতুন দিল্লীৰ চৰকাৰী আৱাসৰ কাষতে শ্বেৰসিং ৰাণা নামৰ এজন ব্যক্তিয়ে ফুলন দেৱীক গুলীয়াই হত্যা কৰিছিল ।
Comments