গুৱাহাটী,২৮ জুলাই : ভাৰতীয় ক্রিকেটপ্রেমীসকলৰ বাবে সুখবৰ। ১২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত ২০২৫ চনত মহিলা এদিনীয়া বিশ্বকাপ আয়োজন হ'ব ভাৰতত। ২০১৩ চনত ভাৰতত অনুষ্ঠিত হৈছিল শেষৰটো মহিলা বিশ্বকাপ। য'ত মুম্বাইত খেলা ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই খিতাপ দখল কৰিছিল। বার্মিংহামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বৈঠকত ভাৰতে নিবিদা লাভ কৰাত সফল হোৱাৰ পিছতেই প্রতিযোগিতাখন ১২ বছৰৰ পিছত অনুষ্ঠিত হোৱাটো নিশ্চিত হয়। সভাত পাঁচ বছৰীয়া ভৱিষ্যতৰ ভ্ৰমণ কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সেই অনুসৰি ২০২৮ চনত বাংলাদেশত আৰু ২০২৬ চনত ইংলেণ্ডত অনুষ্ঠিত হ'ব মহিলা টি-২০ বিশ্বকাপ। ইফালে ২০২৭ চনত শ্রীলংকাত অনুষ্ঠিত হ'ব প্ৰথমখন মহিলা টি ২০ চেম্পিয়নশ্বিপ। উল্লেখ্য যে এইবাৰ দ্বিতীয়বাৰৰ বাবে বাংলাদেশত অনুষ্ঠিত হ'ব টি-২০ মহিলা বিশ্বকাপ। এই পাঁচবছৰীয়া মহিলা ক্ৰিকেটৰ পৰিক্ৰমা সম্পর্কে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই আই চি চিৰ অধ্যক্ষ গ্রেক বার্কলেই কয়— 'আইচি চিৰ মহিলা প্ৰতিযোগিতাসমূহ আয়োজন কৰিবলৈ বাংলাদেশ, ভাৰত, ইংলেণ্ড আৰু শ্ৰীলংকাক দায়িত্ব প্ৰদান কৰাৰ বাবে আনন্দিত। মহিলা খেলৰ বিকাশ ত্বৰান্বিত কৰাটো আই চি চিৰ অন্যতম কৌশলগত অগ্ৰাধিকাৰ। ইফালে বি চি চি আইৰ সচিব জয় শ্বাহৰ মতে ২০২৫ চনৰ আই চি চি মহিলা ক্রিকেট বিশ্বকাপ আয়োজন কৰিবলৈ পাই আমি আনন্দিত আৰু বি চি চি আয়ে ইয়াক সকলো প্ৰকাৰে স্মৰণীয় কৰি তুলিবলৈ কোনো অবহেলা নকৰিব।
Comments