গুৱাহাটী,২৮ জুলাই : আঘাত বাবে কমনৱেলথ গেম্ছৰ পৰা বাহিৰ হোৱা অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই এক আৱেগিক পোষ্টেৰে তেওঁৰ অনুভৱ ব্যক্ত কৰিছে। ২৪ বছৰীয়া তাৰকা জেভলিন থ্ৰ'ৱাৰগৰাকীয়ে টুইটাৰত হিন্দী আৰু ইংৰাজীত লিখা পোষ্টৰ জৰিয়তে হতাশা প্রকাশ কৰে। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় খেলুৱৈসকলৰ বাবেও দেশবাসীৰ সমৰ্থন বিচাৰে। নীৰজে টুইটত কয় মই আপোনালোকক অতি দুখেৰে কওঁ যে এইবাৰৰ কমনৱেলথ গেম্ছত মই অংশ হ'ব নোৱাৰিম। ৱৰ্ল্ড চেম্পিয়নশিপৰ চতুৰ্থ থ্ৰ'ৰ সময়ত হোৱা ষ্ট্ৰেইনৰ বাবে মই কিছু অস্বস্তি অনুভৱ কৰিছিলোঁ আৰু আমেৰিকাত পৰীক্ষা কৰাত দেখা গ'ল যে গ্ৰইনত সামান্য আঘাত পাইছোঁ। যাৰ বাবে মোক কেইসপ্তাহমানৰ বাবে বিশ্ৰামৰ পৰামৰ্শ দিয়া হৈছে।
তেওঁ আৰু কয়-মই সহায়ক দল, ভাৰতীয় অলিম্পিক সন্থা, এ এফ আই, আৰু ছাইৰ সৈতে এই বিষয়ে আলোচনা কৰিছোঁ আৰু সামূহিক সিদ্ধান্ত লৈছোঁ যে মোৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি কমনৱেলথ গেম্ছৰ পৰা আঁতৰি অহাটো শ্রেয় বুলি অনুভৱ কৰোঁ। যাতে অধিক আঘাতৰ আশংকা নহয়। মোৰ খিতাপ ৰক্ষা কৰিব নোৱাৰি দেশক প্ৰতিনিধিত্ব কৰাৰ আন এক সুযোগ হেৰুৱাই পেলোৱাৰ বাবে মই আঘাত পাইছোঁ।
বিশেষকৈ মুকলি অনুষ্ঠানত টীম ইণ্ডিয়াৰ ধ্বজাবাহক হোৱাৰ সুযোগ হেৰুৱাই পেলোৱাত মই অত্যন্ত নিৰাশ। উল্লেখ্য যে গ'ল্ডকোষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেম্ছৰো স্বৰ্ণ বিজয়ী আছিল নীৰজ। গতিকে বার্মিংহামত কমনৱেলথ গেম্ছতো সোণৰ পদক প্ৰায় নিশ্চিত আছিল ভাৰতৰ। এতিয়া নীৰজৰ অনুপস্থিতিত নিশ্চিত পদক হেৰুৱালে দেশবাসীয়ে।
Comments