Cartoon
View Older
গুৱাহাটী,২৮ জুলাই:ক'ভিডৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে মাঙ্কিপক্সক লৈ আতংকৰ সৃষ্টি হৈছে । এতিয়ালৈ বিশ্বৰ ৭০ খনতকৈও অধিক দেশত ১৯,০০০ ৰো অধিক ঘটনা পোহৰলৈ আহিছে । মাঙ্কিপক্সৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাইও মাঙ্কিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে । লগতে বিশ্ববাসীক এই ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিভিন্ন ধৰণৰ আহ্বান জনাইছে ।
কেন্দ্ৰীয় চৰকাৰে মাঙ্কিপক্স সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰিছে । নিৰ্দেশনা অনুসৰি মাঙ্কিপক্সৰ ৰোগীসকলে ২১ দিনলৈ আইচ'লেশ্যচনত থাকিব লাগিব । আন এক নিৰ্দেশনা অনুসৰি মাঙ্কিপক্সৰ ফলত হোৱা ঘাঁবোৰ ঢাকি ৰাখিব লাগিব । লগতে মাঙ্কিপক্স ৰোগীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক ।
Comments