গুৱাহাটী, ২৯ জুলাইঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ আটাইতকৈ ধুনীয়া দম্পতিসকলৰ মাজৰ এহাল। দুয়োজনে কেতিয়াও ইজনে সিজনৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰকাশ কৰিবলৈ লাজ নকৰে। দম্পতীহালে ১৪ নৱেম্বৰ, ২০১৮ তাৰিখে ইটালীত এক এক বিশেষ গন্তব্য স্থানত বিবাহ সম্পন্ন কৰিছিল। ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ বিবাহৰ সুন্দৰ ফটো তেওঁলোকৰ নিজ নিজ সামাজিক মাধ্যমৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল।
ইপিনে, দীপিকাই তেওঁৰ বিশেষ দিনটোত এযোৰ বিখ্যাত ডিজাইনাৰ সভ্যসাচীৰ পোছাক পিন্ধিছিল। অভিনেত্ৰীগৰাকীৰ লেহেঙ্গাৰ ব্যয় আছিল ৮.৯৫ লাখ টকা। দীপিকাৰ বিয়াৰ গহনাবোৰৰ মূল্য আছিল প্ৰায় ১ কোটি টকা। কেৱল দীপিকাৰ মঙ্গলসূত্ৰডালৰ মূল্য আছিল প্ৰায় ২০ লাখ টকা।
দীপবীৰৰ কাষ্টম নিৰ্মিত বিবাহৰ পোছাক সব্যসাচী মুখাৰ্জীৰ 'দ্য ইণ্ডিয়া ৰিভাইভেল প্ৰজেক্ট'ৰ এটা অংশ আছিল। যদিও দীপিকা আৰু ৰণবীৰে তেওঁলোকৰ বিবাহৰ ঘোষণাৰে অনুৰাগীসকলক আচৰিত কৰিছিল, দুয়োজনে কেইবা মাহ ধৰি তেওঁলোকৰ গোপন বিবাহৰ বাবে প্ৰস্তুতি চলাই আছিল। কেৱল এয়াই নহয়, ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে দীপিকা পাডুকনক তেওঁৰ বিবাহৰ দিনৰ আগতে পোছাকৰ পৰীক্ষণৰ বাবে মাতিছিল। সেই সময়ত, তেওঁ দীপিকাক বোৰ্খা পিন্ধি আহিবলৈ কৈছিল।
সব্যসাচীয়ে এটা সাক্ষাৎকাৰৰ সময়ত কৈছিল যে, "যেতিয়া দীপিকাই মোক তেওঁৰ বিবাহৰ বিষয়ে কৈছিল, তেতিয়া মোৰ মনলৈ অহা প্ৰথম শব্দকেইটা আছিল 'ওহ মাই গড', কাৰণ ইয়াৰ কিছুসময় আগতে অনুষ্কাও বিবাহপাশত আৱদ্ধ হৈছিল। ভাৰতত, যেতিয়া কোনোবাই চলচ্চিত্ৰ জগতৰ তাৰকাৰ বিবাহৰ বাবে কামত নিয়োজিত হৈ পৰে, তেতিয়া কথাবোৰ সাৱধানে লুকাই ৰাখিব লগা হয়। অনুষ্কাৰ বিয়াৰ সময়ত মোৰ হাতত এমাহ আছিল, কিন্তু দীপিকাৰ সময়ত ৬ মাহ আছিল।"
সাক্ষাৎকাৰত, ডিজাইনাৰ সব্যসাচীয়ে আৰু কৈছিল যে, "মই দীপিকাক বোৰ্খা পিন্ধিবলৈ এই কাৰণে কৈছিলো যে, মোৰ মুম্বাইৰ দোকানৰ কিছুমান লোকে এইটো কথা গম পাইছিল দীপিকাই মোৰ ওচৰত পোছাকৰ জোখ দিবলৈ বহুবাৰ গোপনে আহিছে। মই ভয় কৰিছিলো যে এই কথাবোৰ প্ৰচাৰ হ'লে বহুত খেলি-মেলি হ'ব পাৰে। সেইকাৰণে মই দীপিকাক কৈ আছিলোঁ যে আপুনি বোৰ্খা পিন্ধি আহিব। কিন্তু দীপিকাই মোক কৈছিল, যদি মই বোৰ্খা পিন্ধি আহো তেন্তে মোক কেনেকৈ চিনি পাব!"
সব্যসাচীয়ে শেষত কৈছিল যে, "মোৰ কাৰখানাত ১,৮০০ গৰাকী ডিজাইনাৰে কাম কৰে। বেছিসংখ্যক ডিজাইনাৰে ভাবিছিল যে দীপিকাই কোনোবা ভাৰতীয় ৰাজকুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব।"
Comments