গুৱাহাটী,২৯ জুলাই:গুজৰাটত অব্যাহত আছে বিষাক্ত সুৰা খাই হোৱা মৃত্যুৰ কিৰিলি। যোৱা ৫ দিনত দুখন জিলাত বিষক্ৰিয়াৰ ফলত ৪২ জন লোকৰ মৃত্যু হৈছে। কেইবাজনো লোক গুৰুতৰভাৱে অসুস্থ। এনে অৱস্থাত বৃহস্পতিবাৰে সক্ৰিয় হৈ উঠিল গুজৰাটৰ ‘সুৰা নিষিদ্ধ’ ৰাজ্য চৰকাৰ। নিলম্বন কৰা হৈছে ৬ জন আৰক্ষী বিষয়াক। লগতে দুখন জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে।
উল্লেখ্য,দেওবাৰৰ পৰা গুজৰাটৰ বোটাড জিলাৰ বৰভলাৰ একাংশ গাঁৱত একাধিক মৃত্যু আৰু অসুস্থতাৰ ঘটনা পোহৰলৈ আহিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে সুৰাৰ বিষক্ৰিয়াৰ বাবেই মৃত্যু হোৱা বুলি নিশ্চিত কৰে আৰক্ষীয়ে। মৃতকৰ পাকস্থলীত বিষাক্ত মিথাইল এলকহলৰ উপস্থিতি উদ্ধাৰ হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।ইতিমধ্যে মদ বিক্ৰী কৰা দুই-এজনক গ্ৰেপ্তাৰ কৰা হৈছে।আহমেদাবাদৰ ধনুকা অঞ্চলৰ পৰা মঙলবাৰে কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এনে অৱস্থাত বৃহস্পতিবাৰে এক সংবাদমেলত গুজৰাটৰ গৃহ সচিব ৰাজ কুমাৰে চৰকাৰী পদক্ষেপৰ কথা ঘোষণা কৰে।তেওঁ কয়, ‘আমি বোটাদৰ আৰক্ষী অধীক্ষক কৰণৰাজ বাঘেলা আৰু আহমেদাবাদৰ আৰক্ষী অধীক্ষক বীৰেন্দ্ৰসিং যাদৱক বদলি কৰিছো। দুজন ডি এছ পিকে ধৰি ছয়জন আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে।” বাকী চাৰিজন নিলম্বিত আৰক্ষী বিষয়া পৰিদৰ্শক আৰু উপ-পৰিদৰ্শক পৰ্যায়ৰ।
উল্লেখ্য, গুজৰাটত বহু বছৰ ধৰি নিষিদ্ধ হৈ আছে সুৰাপান আৰু বিক্ৰী। তাৰ পিছতো এনে ঘটনাৰ উত্থানৰ বাবেই ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। মূল বিৰোধী দল কংগ্ৰেছে অভিযোগ কৰিছে যে শাসকীয় বিজেপিৰ প্ৰশ্ৰয়ত ৰাজ্যখনত মদৰ ৰমৰমীয়া বেপাৰ বৃদ্ধি পাইছে। আম আদমী পাৰ্টিয়েও একেই অভিযোগ কৰে।দুই-এটা প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে মোডী-শ্বাহ ৰাজ্যৰ বহু অঞ্চলত গাঁৱে-ভূঞে-চহৰত ২০ টকাত সুৰা পাউচত ভৰাই মুকলিকৈ বিক্ৰী কৰা হয়। কিন্তু সুৰাৰ এই নিষিদ্ধ বেহা বন্ধ কৰিবলৈ আৰক্ষীয়ে কোনো ধৰণৰ সক্ৰিয়তা প্ৰদৰ্শন কৰা নাই।
Comments