গুৱাহাটী,২৯ জুলাই:বিজেপিৰ এজন যুৱ নেতাৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনাৰ মাজতে কৰ্ণাটকত আন এজন যুৱকক ঘপিয়াই হত্যা কৰা হয়। বৃহস্পতিবাৰে নিশা দক্ষিণ কন্নড় জিলাৰ মঙ্গলপেট নিবাসী যুৱকজনক স্থানীয় সুৰথকল অঞ্চলৰ এখন বজাৰত দুষ্কৃতিকাৰীয়ে ঘপিয়াই হত্যা কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাটোৰ চিচিটিভি ফুটেজ উদ্ধাৰ কৰা হৈছে। হত্যাকাৰীক চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে। ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে অনলাইনত প্ৰচাৰ হৈছে।
উল্লেখ্য, মঙ্গলবাৰে নিশা দক্ষিণ কন্নড় জিলাৰ বেলোৰ অঞ্চলত মটৰচাইকেলত অহা একাংশ দুষ্কৃতিকাৰীয়ে প্ৰবীণ নেট্টাৰু নামৰ এজন বিজেপি যুৱ মৰ্চাৰ নেতাক হত্যা কৰে। তাৰ পিছৰে পৰা উপকূলীয় কৰ্ণাটকৰ বিভিন্ন অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। দ্বিতীয়টো হত্যাকাণ্ডৰ পিছত অশান্তিৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে একাংশ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বিজেপিৰ যুৱ নেতাজনক আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ মটৰচাইকেলখনত কেৰালাৰ নম্বৰ প্লেট আছিল। আৰক্ষীৰ মতে, বিজেপিৰ যুৱ নেতাজনৰ কেইবাজনো হত্যাকাৰী চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে কৰ্ণাটক বিজেপিৰ সভাপতি নলিন কুমাৰ কাটিলক সেই স্থানত উপস্থিত হোৱাৰ সময়ত উত্তেজিত ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
Comments