গুৱাহাটী, ৩০ জুলাইঃ ভাৰতত বিগত ২৪ ঘণ্টাত ২০,৪০৮ জন লোক ক'ভিডত আক্রান্ত হৈছে। ইয়াকে লৈ দেশৰ সক্রিয় ৰোগীৰ সংখ্যা ১,৪৩,৩৮৪ জনত উপনীত হৈছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আপডেট কৰা তথ্য অনুসৰি ভাৰতৰ মুঠ ক'ভিড ৰোগীৰ সংখ্যা এতিয়া ৪,৪০,০০,১৩৮ ত উপনীত হৈছে।
লগতে, ৪৪ জন ৰোগীৰ মৃত্যুৰ সৈতে দেশৰ ক'ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৫,২৬,৩১২ জনলৈ বৃদ্ধি পাইছে।
এই ৪৪ জন মৃত্যু হোৱা ৰোগীকেইজন হৈছে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ পৰা ৬ জন, হাৰিয়ানা আৰু কৰ্ণাটকৰ ৪ জন, গুজৰাট, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পৰা ৩ জন, বিহাৰ, ছত্তীশগড়, জম্মু-কাশ্মীৰ আৰু মধ্য প্ৰদেশৰ পৰা ২ জনকৈ আৰু চণ্ডিগড়, দিল্লী, গোৱা, হিমাচল প্ৰদেশ, কেৰালা, উৰিষ্যা আৰু ছিকিমৰ পৰা এজনকৈ ৰোগীৰ মৃত্যু হৈছে।
আনহাতে, ক'ভিড আৰোগ্য হোৱাৰ সংখ্যা ৪,৩৩,৩০,৪৪২ জনত উপনীত হৈছে।
Comments