গুৱাহাটী,৩১ জুলাইঃপ্রতিযোগিতামূলক পৰীক্ষাত আশাপ্রদ সফলতা লাভ কৰাৰ উদ্দেশ্যে বাপুজী মহাবিদ্যালয়,সৰুক্ষেত্ৰীৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হ'ল এদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ । এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছিল তেজস ক'চিং ইনষ্টিটিউট,নামশালা আৰু মৃত্যুঞ্জয় একাডেমী,সৰ্থেবাৰীয়ে ।
উক্ত অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কে নিজৰ অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ লগতে মূল্যবান দিহা-পৰামৰ্শ আগবঢ়াই বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাস,কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° তৰুণ চন্দ্র বৰা,প্ৰগতিশীল লেখক শৈলেন বৈশ্য আৰু নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই । প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা এই অনুষ্ঠানৰ শুভাৰম্ভনি কৰে বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাসে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰেই অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বিপুল ডেকাই । এই অনুষ্ঠান সন্দৰ্ভত প্ৰগতিশীল লেখক তথা মুখ্য বক্তা শৈলেন বৈশ্যই কয় যে ’এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এদিনীয়াকৈ আলোচনা কৰাটো অসম্ভৱ,সেইবাবে আকৌ যদি এনেধৰণৰ অনুষ্ঠান উদ্যোগক্তাই আয়োজন কৰে তেন্তে মই অহাৰ বাবে আগ্ৰহী । তথাপি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে চাকৰি প্ৰত্যাশী সকলক মই পাৰ্য পৰিমাণে উৎসাহ দিয়াৰ চেষ্টা কৰিলোঁ । কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গ বুলি নহয় ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে বিফলতাৰ কথা নাভাবি ইউপিএছচিৰ পৰীক্ষা দিয়ালৈকে ভাৱক ।’
এই অনুষ্ঠানৰ এগৰাকী অগ্ৰণী উদ্যোক্তা,নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই কয় যে মফচলীয় চহৰবোৰৰ প্ৰতিভাবোৰক উৎসাহ যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানে নিশ্চয়কৈ প্ৰতিযোগী সকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিব । খুব কম সময়ৰ ভিতৰতেই অসম চৰকাৰৰ শিক্ষা,স্বাস্থ্য,ভূমি সংৰক্ষণ,বন আৰু পৰিৱেশ বিভাগৰ উপৰি অইন বহুতো গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষা সমূহ অনুষ্ঠিত হ'ব, তেনেস্থলত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ দিশেৰেও এই অনুষ্ঠান যথেষ্ট গুৰুত্বপূৰ্ণ । আনহাতে,এই আয়োজনৰ সৈতে অংগাংগীভাৱে জড়িত বাপুজী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা অভ্যন্তৰীন মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বিপুল ডেকাই জানিবলৈ দিয়া মতে,ন-শিক্ষাৰ্থীৰ উপকাৰত আহিব পৰাকৈ , প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তেওঁলোকে যাতে সফলতা অৰ্জন কৰিব পাৰে ,তাৰ বাবে অনাগত সময়ত সৰ্থেবাৰীত এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰয়াস চলোৱা হ'ব ৷
Comments