গুৱাহাটী,১ আগষ্ট:ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক দেওবাৰে নিশা ইডিয়ে নিজ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে ৷ দেওবাৰে সাংসদগৰাকীৰ বাসগৃহত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অভিযান চলিছিল । তাৰ পিছতেই সাংসদগৰাকীক আটক কৰি সন্ধিয়া ৫.৩০ বজাৰ পৰা ইডিৰ কাৰ্যালয়ত জেৰা কৰা হৈছিল ৷
ইডিয়ে ৰাউটক প্ৰায় ১৬ ঘণ্টা ধৰি মাৰাথান জেৰা চলোৱাৰ অন্তত নিশালৈ গ্ৰেপ্তাৰ কৰে সাংসদগৰাকীক ৷ বৰ্তমান সঞ্জয় ৰাউটকৰ ভাতৃ বিধায়ক সুনীল ৰাউটে ইডি কাৰ্যালয়ৰ বাহিৰতেই উপস্থিত আছে ৷ ইতিমধ্যে ৰাউটক গ্ৰেপ্তাৰ কৰা হৈছে বুলি এখন মেমো দেখুৱাইছে ইডিয়ে ৷ এই প্ৰসংগত সঞ্জয় ৰাউটকৰ ভাতৃ সুনীল ৰাউটে জনাই যে ইডিয়ে এই গোচৰ সম্পৰ্কীয় কোনো নথি বা প্ৰমাণ লাভ কৰা নাই ৷ শেহতীয়া তথ্য অনুসৰি সাংসদ সঞ্জয় ৰাউটৰ ঘৰৰ পৰা ইডিৰ অভিযানত ১১ লাখ ৫০ হাজাৰ টকা জব্দ কৰা হৈছিল ৷
উল্লেখ্য যে ১,০৩৪ কোটি টকা ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰত সঞ্জয় ৰাউটৰ বিৰুদ্ধে তদন্ত চলি আছে । এই গোচৰটোৰ মূল অভিযুক্ত ৰাউট । ইডিয়ে তেওঁলৈ কেইবাবাৰো চমন জাৰি কৰিছিল যদিও শিৱসেনা নেতাগৰাকীয়ে বিভিন্ন অজুহাতত ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷
Comments