Cartoon
View Older
গুৱাহাটী,১ আগষ্ট:শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক ৪ আগষ্টলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক দেওবাৰে নিশা ইডিয়ে নিজ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে ৷
দেওবাৰে সাংসদগৰাকীৰ বাসগৃহত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অভিযান চলিছিল । তাৰ পিছতেই সাংসদগৰাকীক আটক কৰি সন্ধিয়া ৫.৩০ বজাৰ পৰা ইডি কাৰ্যালয়ত জেৰা কৰা হৈছিল ৷দলৰ সদস্যৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে সঞ্জয় ৰাউতক সমৰ্থন কৰিছিল আৰু কৈছিল যে তেওঁলোকে কাকো ভয় নকৰে।
Comments