গুৱাহাটী, ৩ আগষ্টঃ মালদ্বীপৰ কুনফুনাধু দ্বীপৰ এখন বিলাসী ৰিজৰ্টত কিতাপ বিক্ৰীৰ বাবে এবছৰীয়া চুক্তিত নতুন নিযুক্তি দিয়া হৈছে। সোনাৱা ফুচি ৰিজৰ্টে (Sonawa Fushi Resort) বেয়াৰফুট বুকচেলাৰ (Barefoot Bookseller) পদৰ বাবে আৱেদনসমূহ পুনৰ মুকলি কৰিছে, য'ত এবছৰৰ বাবে মৰুভূমি দ্বীপত এখন কিতাপৰ দোকান চলাব লাগিব।
আল্টিমেট লাইব্ৰেৰীৰ (Ultimate Library) চেলছ মেনেজাৰ এলেক্স মেককুইনে (Alex McQueen) এজন উৎসাহী কিতাপ প্ৰেমিক বিচাৰি আছে যি দুঃসাহসী, বহিৰ্গামী, সৃষ্টিশীল আৰু গোটেই দিনটো খালি ভৰিৰে কটাবলৈ আপত্তি নকৰে।
ইপিনে, তাত কিতাপবোৰ খালি ভৰিৰে এইকাৰণে বিক্ৰী কৰিব দিয়া হয় কাৰণ দ্বীপটোত কাকো জোতা-চেণ্ডেল পিন্ধিবলৈ অনুমতি দিয়া নহয়। এই চুক্তি অক্টোবৰত আৰম্ভ হ'ব আৰু নতুন বেয়াৰফুট বুকচেলাৰে (খালী ভৰিৰে কিতাপ বিক্ৰী কৰা) দৈনিক এখন কিতাপৰ দোকান চলাব লাগিব। ইয়াৰ লগতে, একাউণ্ট আৰু ষ্টক মাৰ্কেটও চাব লাগিব।
আল্টিমেট লাইব্রেৰি কৰ্তৃপক্ষই আৰু কৈছে যে, 'আবেদনকাৰীজনে নিজে ইয়ালৈ আহি চাকৰি পাব পাৰিব আৰু ইয়াৰ পিছত সকলোবোৰ তেওঁ চাব লাগিব। লগতে, সোনভাই ফুচি ৰিজৰ্টৰ সৈতে এখন কিতাপৰ দোকান চলাব লাগিব।
ইনষ্টাগ্ৰামত চাকৰিটোৰ বিষয়ে পোষ্ট কৰি দ্য বেয়াৰফুট বুকচেলাৰে লিখিছে, "সোনেভাৰ সৈতে অংশীদাৰীত্বত আমি সোনেভা ফুচিৰ বাবে আমাৰ পৰৱৰ্তী বেয়াৰফুট বুকচেলাৰ বিচাৰি আছো! মৰুভূমি দ্বীপ গ্ৰন্থৰ বাবে চূড়ান্ত সপোনৰ কাম, য'ত কিতাপ বিক্ৰী হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত এখন।
সফল প্ৰাৰ্থীসকলে বিনামূলীয়া বাসস্থান আৰু খাদ্য লাভ কৰিব আৰু তেওঁলোকৰ ৱৰ্ক পাৰ্মিট আৰু বিমান মাচুল ৰিজৰ্টে দিব। ইয়াৰ লগতে, প্ৰতি মাহে প্ৰায় ৬০ হাজাৰ টকা লাভ কৰিব।
Comments