গুৱাহাটী, ২ আগষ্টঃ সামান্থা প্ৰভুৱে নাগা চৈতন্যৰ সৈতে যেতিয়া কেৰিয়াৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁ অনুমান কৰিব পৰা নাছিল যে দুয়ো নিকট সম্পৰ্কলৈ আহিব পাৰিব। ২০১৪ চনত, দুয়োকে একেখন চলচ্চিত্ৰত একেলগে দেখা গৈছিল আৰু তেওঁলোক দুয়োৰে প্ৰেমকাহিনী এই চলচ্চিত্ৰখনৰ পৰাই আৰম্ভ হৈছিল। কেইবছৰমান ডেটিং কৰাৰ পিছত, তেওঁলোকে ২০১৭ চনত বিবাহপাশত আৱদ্ধ হয়। কিন্তু এই বিবাহ ৪ বছৰো স্থায়ী হৈ নাথাকিল।
২০২১ চনত, তেওঁলোক দুয়োজনে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল আৰু এতিয়া তেওঁলোকে নিজ নিজ জীৱনত আগবাঢ়ি গৈছে। কিন্তু যেতিয়াই সামান্থাৰ কথা উল্লেখ কৰা হ'য়, নাগাৰ নাম মনলৈ আহেই। শেহতীয়াকৈ, নাগা চৈতন্যৰ সৈতে এক সাক্ষাৎকাৰত, তেওঁৰ প্ৰাক্তন পত্নী সামান্থাৰ সৈতে এটা বিশেষ কাম কৰাৰ বিষয়ে প্ৰশ্নটো সোধা হৈছিল।
সাক্ষাৎকাৰটোত নাগা চৈতন্যক সোধা হৈছিল যে তেওঁক কেতিয়াবা সামান্থা প্ৰভুৰ সৈতে কাম কৰা দেখা যাব নেকি। নাগাই এই প্ৰশ্ন সন্দৰ্ভত ইতিবাচক সঁহাৰি দিছিল। তেওঁ কৈছিল- 'যদি কেতিয়াবা এনে হয়, তেন্তে এইটো মোৰ বাবে আচৰিত যেন লাগিব। কিন্তু সেয়া হ'ব নে নহয় কেৱল কেৱল ঈশ্বৰেহে জানে।'
ইপিনে, তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদৰ কাৰণৰ বিষয়ে কোনো অৱগত নহয়। কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তটো সঁচাকৈয়ে আচৰিত আছিল।
বৰ্তমান, দক্ষিণৰ তাৰকা নাগা চৈতন্যই এতিয়া বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। নাগা চৈতন্যক আমিৰ খানৰ লাল সিং চাড্ডাত দেখা যাব, য'ত তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকাত থাকিব।
Comments