ধেমাজি , ২ আগষ্ট: ধেমাজিৰ বান পৰিস্হিতি কিছু উন্নত হোৱাৰ সময়তে আজি ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যোৱা ৩১ জুলাইত জীয়াধলৰ ভয়াবহ বানে উটুৱাই নিয়া কুমতীয়া সোঁপাৰৰ মঠাউৰিৰ বগলীজান - সাপেখাতি অংশ পৰিদৰ্শন কৰে ৷
মন্ত্ৰী ডাঃ পেগুৱে জলসম্পদ দপ্তৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰায় ৭০ মিটাৰ ভগ্ন মঠাউৰিৰ অংশ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্হিতিৰ বুজ লৈ মন্ত্ৰীজনে জলসম্পদ বিভাগক পানী শুকাই যোৱাৰ লগে লগে মঠাউৰিটো মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ৷
মন্ত্ৰী পেগুৱে জীয়াঢলৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে জীয়াধল নদীৰ বুকুত থকা দিহিৰি কছাৰী , দিহিৰি চাপৰি আৰু দিহিৰি লেপঙৰ গাঁওবাসীক শীঘ্ৰে পুনৰ সংস্হাপন কৰা হ'ব বুলি মন্তব্য কৰে ৷ ইয়াৰ পিছতে এখন ৰয়েল এমফিল্ড চলাই শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ধেমাজি জিলা প্ৰশাসনে স্হাপন কৰা স্বৰ্ণপীঠ হাইস্কুলৰ আশ্ৰয় শিবিৰটো পৰিৰ্দশন কৰি বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰে ৷
তাৰ পাছতে জীয়াঢল নদীৰ সোঁপাৰে নিমিৰ্য়মাণ মথাউৰিটো পৰিৰ্দশন কৰে ৷ মন্ত্ৰী গৰাকীৰ সৈতে ধেমাজি জলসম্পদ বিভাগৰ কাৰ্য্যৱাহী অভিযন্তা বদন চন্দ্ৰ গোস্বামী , সহকাৰী কাৰ্য্যৱাহী অভিযন্তা সুব্ৰত দাস প্ৰমুখ্যে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷
Comments