Classifieds
View All
গুৱাহাটী, ৩ আগষ্টঃবাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেছমত আজি পদক জয়ৰ যুঁজত নামিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁই।কমনৱেলথ গেমছত আজি কোৱাৰ্টাৰ ফাইনেল মেচ খেলিব লাভলীনাই।কোৱাৰ্টাৰ ফাইনেলৰ এই মেচখনত জয়ী হ’লেই লাভলীনাৰ ব্ৰঞ্জৰ পদক নিশ্চিত হ'ব।
মহিলাৰ ৬৬-৭০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা।মেচখনত লাভলীনাৰ পতিপক্ষত থাকিব ৱেলছৰ ৰোছি ইকলছ।৬৬ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা লাভলীনাই ইয়াৰ পূৰ্বে প্ৰী কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই নিউজিলেণ্ডৰ আৰাইন নিকলছনক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।
ভাৰতীয় সময় অনুসৰি নিশা ১১-১৫ বজাত লাভলীনাৰ মেচ অনুষ্ঠিত হ’ব।নয়নমণি শইকীয়াৰ স্বৰ্ণ জয়ৰ পাছতেই এতিয়া লাভলীনালৈ উৎকণ্ঠাৰে ৰৈছে ৰাজ্যবাসী।লাভলীনাক লৈ এতিয়া আশাবাদী সমগ্ৰ ভাৰতীয়।
Comments