গুৱাহাটী,৩ আগষ্ট:ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত অতিকৈ পিছপৰা জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলে যাতে অনাগত দিনত অন্যান্য জনগোষ্ঠীৰ তুলনাত সমানে আগবাঢ়ি যাব পাৰে, তেনে এক মহৎ উদ্দেশ্য আগত ৰাখিয়েই মহানগৰীত লোকসেৱা আয়োগৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ৰাজ্য চৰকাৰ আৰু চুতীয়া উন্নয়ন পৰিষদৰ উদ্যোগ আৰু চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত চুতীয়া জনগোষ্ঠীৰ এশগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব প্ৰশিক্ষণ ৷ প্ৰশিক্ষণ প্ৰদান কৰিব 'এচিভাৰ পইণ্ট’ নামৰ প্ৰতিষ্ঠানটোৱে ৷
ৰাজ্য চৰকাৰ আৰু চুতীয়া উন্নয়ন পৰিষদৰ যৌথ তত্ত্বাৱধানত তথা চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত হ’ব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মঙলবাৰে মহানগৰীৰ উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুকলি কৰা হয় ৷ লোকসেৱা আয়োগৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণৰ মুকলি অনুষ্ঠানটো উদ্বোধন কৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ পূব মণ্ডলৰ আৰক্ষী অধীক্ষক সৌৰভ শইকীয়াই উপস্থিত শিক্ষার্থীসকলক এই সোনালী সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ প্ৰত্যেককে আহ্বান জনায় ।
১০০ শিক্ষার্থীক লোকসেৱা আয়োগৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণকেন্দ্ৰীয় আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাকে ধৰি দেশৰ বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাত সহায়ক হোৱাকৈ এই ক’চিঙৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিলে চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই ৷ লগতে চুতীয়া জনগোষ্ঠীটোৰ এশজন নিৰ্বাচিত মেধাৱী শিক্ষার্থীক ‘এচিভাৰ পইণ্ট’ নামৰ প্ৰতিষ্ঠানটোৰ জড়িয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ‘ব বুলি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে সদৰী কৰে ।
Comments