গুৱাহাটী,৩ আগষ্ট:কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ আৰু অন্যান্য বিষয়ক লৈ বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি থকাৰ সময়তে বুধবাৰে বিয়লি ২ বজালৈ লোকসভা স্থগিত ৰখা হয়। স্থগিত ৰখাৰ কিছু সময়ৰ পূৰ্বে নিম্ন সদনত উত্থাপন কৰা হৈছিল শক্তি সংৰক্ষণ (সংশোধনী) বিধেয়ক ২০২২।
ইয়াৰ পূৰ্বে বুধবাৰে পুৱা উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে লালকিল্লাৰ পৰা সকলো দলৰ সাংসদৰ বাবে অনুষ্ঠিত ‘ত্রিৰংগা বাইক ৰেলী’ৰ ফ্লেগ অফ কৰে। সংসদৰ সমীপৰ বিজয় চ’কত সাংস্কৃতিক মন্ত্ৰণালয়ে আয়োজন কৰা আন এক সমাৱেশত এই ৰেলীৰ সমাপ্তি ঘটিছিল।
ইফালে, ৰাষ্ট্ৰীয় এণ্টি ড’পিং এজেন্সী (নাডা)ৰ বাবে এক বিধিগত নীতি নিয়ম সৃষ্টি কৰিব বিচৰা ৰাষ্ট্ৰীয় এণ্টি ড’পিং বিধেয়ক ২০২১ত ৰাজ্যসভাত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ তাৰোপৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২২, লোকসভাত গৃহীত কৰাৰ বাবে দাখিল কৰিব।
Comments