Cartoon
View Older
গুৱাহাটী, ৩ আগষ্টঃ দেশত বিগত ২৪ ঘণ্টাত ১৭,১৩৫ জন লোক ক'ভিডত আক্রান্ত হৈছে। ইয়াৰ এদিন পূৰ্বে ১৩,৭৩৪ টা ক'ভিড ৰোগীৰ বিপৰীতে সামান্য আক্রান্তৰ হাৰ হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
একে সময়তে, বিগত ২৪ ঘন্টাত ৪৭ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে। ইয়াকে লৈ দেশজুৰি মৃত্যুৰ সংখ্যা ৫,২৬,৪৭৭ জনলৈ বৃদ্ধি পাইছে।
ইপিনে, বিগত ২৪ ঘণ্টাত ১৯,৮২৩ জন ৰোগী আৰোগ্য হৈছে। ইয়াকে লৈ দেশৰ সামগ্রিক আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৪,৩৪,০৩,৬১০ জনত উপনীত হৈছে।
Comments