Cartoon
View Older
গুৱাহাটী,৩ আগষ্ট:আকাশংলঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি অসম তৃণমূল মহিলা কংগ্ৰেছে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত প্ৰতিবাদ সাব্যস্ত কৰে।তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত তৃণমূল মহিলা কংগ্ৰেছৰ কেইবা শতাধিক নেত্ৰী-কৰ্মীয়ে হাতে হাতে কাঁহী-বাটি লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷
সভাপতি বৰাই কয় যে ২০১৪ চনত ‘বহুত হুয়ী মেহেংগাই-কী-মাৰ, অব-কী-বাৰ মোদী চৰকাৰ’ শ্লগান দিয়া নৰেন্দ্ৰ মোদীয়ে আজি পোনে পোনে ৰান্ধনীঘৰ আৰু গৃহিনীসকলক আক্ৰমণ কৰিছে বুলি কোৱাৰ লগতে ২০১৪ চনত ৪১৪ টকাৰ ৰন্ধন গেছ আজি ১১০০ টকা, ৭০ টকাৰ মিঠাতেল আজি ২২০ টকা হ’ল বুলি কতাক্ষ কৰে ।
Comments