গুৱাহাটী, ৫ আগষ্টঃ বিহাৰত সুৰাপান কৰি মৃত্যু হোৱা আন এটা সন্দেহজনক ঘটনা সন্মুখলৈ আহিছে য'ত বিষাক্ত সুৰাপান কৰাৰ ফসত ৭ জন লোকৰ মৃত্যু হৈছে আৰু আন ১৫ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। বাতৰি অনুসৰি, মেকাৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত গাওঁবোৰৰ পৰা এই ঘটনাবোৰৰ খবৰ পোৱা গৈছে।
উক্ত বিষয় সন্দৰ্ভত চাৰণৰ জিলা দণ্ডাধীশ ৰাজেশ মীনাই কয় যে, "প্ৰাথমিক পৰীক্ষাত জানিব পৰা গৈছে যে গাওঁবাসীয়ে বিষাক্ত সুৰাপান কৰিছিল। ইয়াৰে পাঁচজন লোকৰ মৃত্যু হৈছিল আনহাতে পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দুজন লোকৰ মৃত্যু হৈছিল।
ইপিনে, গুৰুতৰভাৱে অসুস্থ লোকসকলৰ ভিতৰত ১০ জনৰো অধিক লোকে দৃষ্টিশক্তি হেৰুৱাইছে বুলি তেওঁ জানিবলৈ দিয়ে।
ইফালে, চৰণৰ এছ পি সন্তোষ কুমাৰে কয়, "আমি সন্দেহযুক্ত সুৰাৰ বিপণীৰ বিক্ৰেতাক ধৰিবলৈ মেকাৰ, মাৰহৌৰা আৰু ভেলদি আৰক্ষী থানা অঞ্চলত অভিযান চলাই আছো। অভিযান শেষ হোৱাৰ পিছত আমি আটক কৰা অভিযুক্তৰ সংখ্যা ক'বলৈ সক্ষম হ'ম।"
Comments