মাজুলী,৫,আগষ্ট:আকাশলংঘী মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীত জি এছ টি আৰোপ, ভয়াৱহ নিবনুৱা সমস্যা আৰু অগ্নিপথ আচনিৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।
সমান্তৰালভাৱে ভাৱে মাজুলী জিলা কংগ্ৰেছেও জিলা সদৰ গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ ১১ বজাত জিলা কংগ্ৰেছৰ সভাপতি দধিৰাম বৰুৱাৰ নেতৃত্বত প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে সমদল কৰি উপায়ুক্ত কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয়।
ৰাজ্য চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক,নিবনুৱা সমস্যা সমাধান কৰক ইত্যাদি ধ্বনিৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগত উপস্থিত হয়। তেনে সময়তে মাজুলীত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মাজুলী আৱৰ্ত ভৱনৰ পৰা মন্ত্ৰী অতুল বৰা ওলাই অহাত প্ৰতিবাদকাৰী সকলে শ্ল'গান দিবলৈ আৰম্ভ কৰে।
অৱশ্যে প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে অন্ত পৰে। প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে উপায়ুক্তৰ যোগেদি মূল্য বৃদ্ধি ৰোধকে ধৰি বিভিন্ন দাবী সম্বলিত স্মাৰক পত্র চৰকাৰলৈ প্ৰেৰণ কৰে।
Comments