গুৱাহাটী,৪ আগষ্ট:মহাৰাষ্ট্ৰত মুখ্যমন্ত্রীৰ আসনক লৈ হোৱা কাজিয়াৰ নিষ্পত্তি হৈছে যদিও শিৱসেনাৰ প্রধান পদক লৈ শীতল যুদ্ধ এতিয়াও অব্যাহত আছে৷ বিতৰ্কই উচ্চতম ন্যায়ালয়ত গৈ উপনীত হৈছে। শিৱসেনাৰ মালিকীস্বত্ব সন্দৰ্ভত নিৰ্বাচন আয়োগত এক আবেদন দাখিল কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। তেওঁ লগতে দাবী কৰে যে শিৱসেনাৰ দুই তৃতীয়াংশ বিধায়ক তেওঁৰ শিবিৰত আছে। তাৰ পিছত উদ্ধৱ থাকৰে আৰু একনাথ সিন্দে দুয়োকে নিৰ্বাচন আয়োগে নিজকে প্ৰমাণ কৰিবলৈ কয় আৰু ৮ আগষ্টত নিৰ্বাচন আয়োগে দুয়োপক্ষক সাক্ষ্য দিবলৈ কয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সাময়িকভাৱে স্থগিত ৰখা হয় এই প্ৰক্ৰিয়া।
আজি এই গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ এন ভি ৰামানাই সিন্দেক প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে যে, ‘এটা ৰাজনৈতিক দলক নিৰ্বাচিত হোৱাৰ পিছত সম্পূৰ্ণৰূপে আওকাণ কৰিলে গণতন্ত্ৰৰ বাবে ডাঙৰ বিপদ নহয়নে?’ সিন্দে শিবিৰৰ অধিবক্তা হৰিশ ছালভেই কয়, ‘নাই’। ইফালে, থাকৰে শিবিৰে নিৰ্বাচন আয়োগক কয় যে বিদ্ৰোহী শিৱসেনা বিধায়কৰ অযোগ্যতা স্পষ্ট নোহোৱালৈকে নিৰ্বাচন আয়োগে শিৱসেনা প্ৰকৃততে কোন সেইটো সিদ্ধান্ত ল’ব নোৱাৰে। সিন্দে শিবিৰৰ সংখ্যা অবৈধভাৱে বৃদ্ধি কৰি সংগঠনটোত কৃত্ৰিম সংখ্যাগৰিষ্ঠতা সৃষ্টিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে থাকৰে। সিন্দেক ১৮৮ গৰাকী দলীয় বিষয়ববীয়াৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। তেতিয়াহে তেওঁ শিৱসেনা নিজৰ বুলি দাবী কৰিব পাৰিব।
Comments