টাইপে, টকিঅ’, ৪ আগষ্ট ঃ আমেৰিকাৰ সংসদৰ প্ৰতিনিধি সভাৰ অধ্যক্ষা নেন্সি পেল’ছিয়ে টাইৱানত কৰা ভ্ৰমণৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে৷ চীনে আজি দ্বীপৰাষ্ট্ৰখনক চৌদিশৰ পৰা ঘেৰি লৈ সশস্ত্ৰ সামৰিক অনুশীলন আৰম্ভ কৰে৷
অনুশীলনৰ সময়ত চীনৰ পিপল্ছ লিবাৰেশ্যন আৰ্মিয়ে টাইৱানৰসমুদ্ৰৰ কাষলৈ লক্ষ্য কৰি ১১টা ডংফেং বেলেষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে৷ চীনে জাপানকো লক্ষ্য কৰি লয়৷ পি এল এই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ ভিতৰত পাঁচটা জাপানৰ এক্সক্লুছিভ ইক’নমিক জ’নত পৰেগৈ৷
এই ক্ষেপণাস্ত্ৰকেইটা পৰেগৈ অকিনাৱাৰ হাটেৰুমা দ্বীপৰ কাষৰ সাগৰৰ পানীত৷ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতে অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰে৷ ইফালে চীনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰিছে জাপানে৷ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নবুও কিছিয়ে কয় যে পি এল এই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰকেইটা জাপান উপকূলৰ পৰা ৩৭০ কিল’মিটাৰৰ ই ই জেডৰ ভিতৰত পৰে৷
তেওঁ ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছে৷ চীনৰ ওচৰত কূটনৈতিকভাৱে ইয়াৰ প্ৰতিবাদ জনোৱা হৈছে বুলি তেওঁ লগতে কয়৷ উল্লেখযোগ্য যে চীনে পেল’ছিক টাইৱান ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছিল৷ সতৰ্কবাণী উলাই কৰি পেল’ছিয়ে কৰা ভ্ৰমণৰ পাছতে টাইৱানৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ পৰে চীন৷ পি এল এই টাইৱানত চৌদিশৰ পৰা ঘেৰি ছটা স্থানত সশস্ত্ৰ সামৰিক অনুশীলন চলাইছে৷
টাইৱানৰ উপকূলৰ পৰা মাত্ৰ ১৬ কিল’মিটাৰ আঁতৰত এই অনুশীলন চলাই আছে৷ পি এল এৰ এজন মুখপাত্ৰই কয় যে অনুশীলনৰ সময়ত টাইৱানৰ পূব দিশৰ পৰা কেইবাটাও বেলেষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় আৰু সকলো ক্ষেপণাস্ত্ৰ নিজৰ লক্ষ্যতআঘাত হানে৷
তেওঁ লগতে কয় যে সাত আগষ্টলৈকে চলিবলগীয়া অনুশীলনৰ সময়ত দীৰ্ঘ দূৰত্বৰ বৰতোপৰ লগতে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰো পৰীক্ষা কৰা হ’ব৷ চীনৰ মতে, টাইৱান দেশখনৰ অভিন্ন অংশ৷ ইফালে চীনে কেইবাটাও ডংফেং ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি টাইৱানে নিশ্চিত কৰিছে৷ দেশখনৰ মতে চীনে প্ৰথমবাৰৰ বাবে অঞ্চলটোত এই ক্ষেপণাস্ত্ৰ সামৰিক অনুশীলনৰ সময়ত ব্যৱহাৰ কৰিছে৷
আনহাতে চীনৰ যঁুজাৰু বিমান টাইৱানৰ আকাশ মাৰ্গ প্ৰৱেশ কৰে৷ টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে চীনৰ ২২খন যঁুজাৰু বিমান দেশখনৰ আকাশ মাৰ্গত প্ৰৱেশ কৰে৷ চীনে শতাধিক যঁুজাৰু বিমানে অনুশীলনত অংশ লয়৷ ইফালে পৰিস্থিতিয়ে অধিক উত্তেজনাপূৰ্ণ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷
টাইৱানে ইতিমধ্যে নিজৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা প্ৰণালী সক্ৰিয় কৰিছে৷ ইয়াৰ লগতে যুঁজাৰু বিমানো সাজু কৰি ৰাখিছে৷ আনহাতে, আমেৰিকাৰ নৌ সেনাৰ বিমানৰ লগতে ছাবমেৰিন বিধবংসী হেলিকপ্টাৰ ছিহক চীনে সামৰিক অনুশীলন চলাই থকা দক্ষিণ পশ্চিম দিশত টাইৱানৰ কাষ চাপিছে৷ ইফালে চীনে টাইৱান ষ্ট্ৰেইটত যঁুজাৰু বিমান পৰিবাহী জাহাজৰ লগতে পাৰমাণৱিক ছাবমেৰিনো মোতায়েন কৰিছে৷
Comments