গুৱাহাটী, ৫ আগষ্টঃ বৰ্তমানৰ সময়ত প্ৰায়সংখ্যক সংগীত প্ৰেমীয়ে ৰেপ গান শুনি ভাল পায়। যেতিয়া সংগীতৰ সৈতে ৰেপৰ সংমিশ্রণ হয়, তেতিয়া গানবোৰ শুনিবলৈ আৰু বেছি আকৰ্ষিত হৈ পৰে। ইপিনে, বৰ্তমান সময়ত যতি ৰেপাৰ বিষয়ে উল্লেখ কৰা হয় তেতিয়া বাদশ্বাহৰ নাম শীৰ্ষত আহে। নিজৰ সংগীত এলবামৰ সৈতে সকলোৱে মোহিত কৰাৰ পিছত, বাদশ্বাহ এতিয়া বলীউডৰ এটা ডাঙৰ নাম হৈ পৰিছে। বলীউডৰ বেছিভাগ চিনেমাৰ গানত এতিয়া তেওঁৰ গান অন্তৰ্ভুক্ত হৈ থাকে। কিন্তু এই বিশেষ শিতানত তেওঁৰ গানৰ বিষয়ে নহয়, বৰঞ্চ তেওঁৰ বিলাসী জীৱন যাপনৰ অবিচ্ছেদ্য অংগ গাড়ীৰ কথা উল্লেখ কৰা হৈছে।
বাদশ্বাহৰ ব্যয়বহুল গাড়ী সংগ্ৰহঃ
~ লেম্বৰ্গিনি উৰুছ (Lamborghini Urus)- ৩.১৫ কোটি টকা
বাদশ্বাহ দামী গাড়ীৰ অনুৰাগী, সেয়েহে তেওঁৰ গাড়ীৰ সংগ্ৰহত লেম্বৰ্গিনি উৰুছ অন্তৰ্ভুক্ত হৈ আছে। এই গাড়ীখন যিদৰে দেখিব ধুনীয়া তেনেদৰে ইয়াৰ মূল্যও অধিক। বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, বাদশ্বাহে শেহতীয়াকৈ এই গাড়ীখন ক্ৰয় কৰিছে, যাৰ মূল্য প্ৰায় ৩.১৫ কোটি টকা বুলি জানিব পৰা গৈছে। বাদশ্বাহে এই গাড়ীখন কিনিবলৈ অটোত গৈছিল আৰু তাৰ পিছত কোটি টকীয়া গাড়ীখন ক্ৰয় কৰি তাত বহি উভতি আহিছিল।
~ অডি কিউ ৮ (Audi Q8)- ১.২৩ কোটি টকা
কেৱল লেম্বৰ্গিনিই নহয় বাদশ্বাহ অডি কিউডিৰ গৰাকী। এই কমলা ধাতৱীয় ৰঙৰ গাড়ীখন দেখিবলৈও অতি মনোমোহা আৰু ইয়াৰ বৈশিষ্ট্যবোৰো আশ্চৰ্যজনক। এই গাড়ীখনৰ মূল্যৰ বিষয়ে ক'ব গ'লে, অডি কিউ ৮ (Audi Q8) ১.২৩ কোটিৰ পৰা ১.৬৭ কোটিৰ ভিতৰত হ'ব। বাদশ্বাহে প্ৰায়ে এই গাড়ীখনত ভ্ৰমণ কৰিবলৈ ভাল পায়।
~ ৰোলছ ৰয়েল ৰাইথ (Rolls Royal Wraith)- ৫.৯০কোটি
ৰোলছ ৰয়েছৰ দৰে গাড়ী কিনাটো প্ৰতিজন তাৰকাৰ সপোন য'ত সাধাৰণ মানুহৰ বাবে এইটো কেৱল এটা সপোন হৈ ৰয়, কাৰণ এই গাড়ীখনৰ মূল্যই যিকোনো সাধাৰণ লোকক আচৰিত কৰি তুলিব পাৰে। ৫.৯০ কোটি টকা মূল্যৰ এই গাড়ীখন বৰ্তমান বাদশ্বাহৰ গেৰেজৰ মূল সৌন্দৰ্য। যেতিয়া তেওঁ এই গাডীখন ক্ৰয় কৰিছিল, তেতিয়া ইয়াৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল।
Comments