গুৱাহাটী,৫ আগষ্ট:যোৰহাটত এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । জেহাদীয়ে গুলিয়াই মাৰিলেও আপোচ নকৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ ওকণিৰ ভয়ত চুলি নুখুৰাই ৷ বুধবাৰে নগাঁৱত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, অসমীয়াই জেহাদীৰ সমৰ্থকক ক্ষমা খুজিবলগীয়া পৰিস্থিতি হ’লে অসমত থাকিবলৈ বাদ দিব লাগিব ৷ য’ত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব, তাত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিছিল মন্ত্ৰী হাজৰিকাই ৷
ইয়াৰ পাচতেই এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্ত্ৰী পীযুষ হাজৰিকাক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে আহ্বান জনাইছিল । লগতে তেওঁ যদি তেনে নকৰে তেন্তে ইয়াৰ পিছত অনিয়ন্ত্ৰিত আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছিল কৰিমউদ্দিন বৰভূঞাই ।বিধায়ক কৰিমউদ্দিন বৰভূঞাক ওভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাইকৰিমউদ্দিন বৰভূঞাৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে তেজপুৰত পীযুষ হাজৰিকাই কয়,"মই কি, মোৰ ল'ৰা আৰু ১৪ গোষ্ঠীয়েও বৰভূঞাৰ ওচৰত ক্ষমা নোখোজে । তেওঁলোকে ১৪ গোষ্ঠী শব্দটো বুজি পায়নে নাই মই নাজানো । কিন্তু মই কোনো জেহাদীৰ ওচৰত ক্ষমা খোজাতকৈ মই মৰি যাম, কিন্তু ক্ষমা নোখোজোঁ ।"
তেওঁ লগতে কয় যে, তেওঁলোকে যি কৰে কৰক, তেওঁ ভয় কৰা মানুহ নহয় । লগতে তেওঁলোকে যি আন্দোলন কৰে তাৰ বাবে শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয়, অনিয়ন্ত্ৰিত আন্দোলনৰ নামত জেহাদী কাৰ্যকলাপ যাতে নহয় । তেতিয়া সেয়া কঠোৰ হাতেৰে দমন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
Comments