গুৱাহাটী,৫ আগষ্ট:দুর্ধর্ষ সন্ত্রাসবাদী তথা আল-কায়দাৰ নেতা ওচামা-বিন-লাডেনৰ পৰিয়ালৰ পৰা ইংলেণ্ডৰ সন্মানীয় 'দ্য প্রিন্স অৱ ৱেল্ছ চেৰিটেবল ট্ৰাষ্ট লৈ দান হিচাপে দিয়া ধন ৰাজকুমাৰ চাৰ্লছে গ্ৰহণ কৰা বুলি উঠা শেহতীয়া অভিযোগে সম্প্ৰতি বিভিন্ন ৰাষ্ট্ৰত খলকনিৰ সৃষ্টি কৰিছে। সদ্যহতে গভীৰ সন্দেহৰ আৱৰ্তত সোমাই পৰা ৰাজকুমাৰ চাৰ্লছ হৈছে বৃটেইনৰ পৰৱৰ্তী ৰজা। পিছে তেওঁৰ সুখ্যাতিত এই বিতর্কই কালিমা সানিছে।
অভিযোগ মতে বিগত ২০১৩ চনত লণ্ডনৰ কাৰেঞ্চ হাউছত ৰাজকুমাৰ চাৰ্লছে বিশ্ব ত্রাস লাডেনৰ সতীয়া ভাতৃদ্বয় ক্রমে— বকৰ বিন লাডেন আৰু ছফিকুৰ বিন লাডেনক সাক্ষাৎ কৰিছিল। সেই সাক্ষাতৰ পিছত লাডেন পক্ষৰ পৰা 'দ্য প্রিন্স অৱ ৱেলছ চেৰিটেবল ট্রাষ্ট লৈ মুঠ এক মিলিয়ন পাউণ্ড ধন বা ১.১৯ কোটি ইউ এছ ডলাৰ ধন দান কৰা হৈছিল। সমগ্ৰ বিষয়টোক লৈ ছৌডি আৰবৰ এগৰাকী ব্যৱসায়ীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ইংলেণ্ডৰ কেন্দ্ৰীয় পুলিচ আৰু চোৰাংচোৱা বাহিনীয়ে এক তদন্তৰ ব্যৱস্থা কৰিছে। তদুপৰি উক্ত সময়ৰ দ্য প্রিন্স অৱ ৱেল্ছ-চেৰিটেবল ট্ৰাষ্টৰ পাঁচজন ট্ৰাষ্টিকো এই অভিযোগ সম্পর্কে অধিক তথ্য জানিবলৈ পুলিচে সোধা-পোছা কৰিব ।
Comments