Classifieds
View All
গুৱাহাটী, ৬ আগষ্টঃকেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত দূৰদৰ্শনৰ ঐতিহাসিক হিন্দী মেগা ছিৰিয়েল (দীর্ঘ ধাৰাবাহিক) 'স্বৰাজ-ভাৰত কে স্বতন্ত্ৰতা সংগ্রাম কী সমগ্র গাথা'ৰ শুভাৰম্ভণি কৰে। ৭৫টা খণ্ডৰ এই ধাৰাবাহিকখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস তথা ভাৰত বুৰঞ্জীৰ অল্পখ্যাত কাহিনী দেখুওৱা হ'ব।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গৃহ মন্ত্ৰী শ্বাহে কয় যে, এই স্বৰাজ ছিৰিজে ভাৰতীয়ক তেওঁলোকৰ সংস্কৃতি, মূল্যবোধ আৰু পুৰণি পুথিৰ সম্পৰ্কত গৌৰৱান্বিত কৰিব।তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, এই ধাৰাবাহিকৰ যোগেদি তাসকলে স্বাধীনতা যুঁজৰ সংগ্ৰামীসকলৰ ত্যাগৰ বিষয়ে শিকিব পাৰিব।এই ধাৰাবাহিকখন ১৪ আগষ্টৰ পৰা নটা ভাৰতীয় ভাষাত সম্প্ৰচাৰ কৰা হ'ব।ধাৰাবাহিকখন আকাশবাণীৰ দ্বাৰাও প্ৰচাৰ হ'ব।
Comments