বিলাসীপাৰা, ০৬ আগষ্ট: আজি বিলাসীপাৰাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে বিশাল পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। ৫ দফীয়া দাবীৰে বিলাসীপাৰা মূল চহৰৰ গান্ধী চকৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এই পদযাত্ৰা ৰূপায়ণ কৰে সংগঠনটোৱে। দাবী সূহহ হৈছে গৰিয়া-মৰিয়া-দেশী সকলক চিনাক্তকৰণৰ বাবে সুকীয়া জৰীপৰ ব্যৱস্থা কৰা। দেশী জনগোষ্ঠীৰ লোকসকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা। OBC ৰ মৰ্যদা প্ৰদান কৰা। বিদেশী গোচৰৰ পৰা মুক্ত কৰা। আৰু BTR ত থকা গৰিয়া-মৰিয়া-দেশী সকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে ঘোষণা কৰা। পদযাত্ৰাৰ অন্তত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লৈ এই ৫ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে। সংবাদ মাধ্যমত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনে মাদ্ৰাছা আৰু জেহাদী প্ৰসঙ্গক লৈও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
Comments