তিনিচুকীয়া: ৬ আগষ্ট: আজি তিনিচুকীয়া জিলাৰ হাপজান উন্নয়ন খণ্ডৰ চৌহদত নিৰ্মাণ হ'বলগীয়া জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন আৰু প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ নিৰ্মাণ কাৰ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে শুভাৰম্ভ কৰে৷
উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIRD) ৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া এই সমল কেন্দ্ৰটোত ৫০ গৰাকী ব্যক্তিক প্ৰশিক্ষণ দিয়াৰ বাবে শ্ৰেণীকোঠা, কম্পিউটাৰ চেন্টাৰৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ থকা-মেলাৰ সুব্যৱস্থা থাকিব ৷ আজিৰ এই কাৰ্যসূচীত বিধায়কদ্বয় সুৰেণ ফুকন ( দিগবৈ) , ৰূপেশ গোৱালা( ডুমডুমা), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ শৰ্মা, জিলা উপায়ুক্ত নৰসিং পাৱাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিদ্ৰ বৰদলৈ আদি বিষয়া সকল উপস্থিত আছিল ৷
Comments