লালুক,৬ আগষ্টঃ ৰাজ্যত মৌলবাদী অপশক্তি ৰোধৰ দাবীত আজি লালুকত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে লালুক বাছ আস্থানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷
গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ সদস্যই হাতে হাতে প্লে কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী সকলে ’অসমত মৌলবাদী নিপাত যাওক’, ’শংকৰ আজানৰ দেশত মৌলবাদী অপশক্তিয়ে কেতিয়াও অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব নোৱাৰিব’ লাচিতৰ দেশত মৌলবাদী নচলিব ’,আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী সকলে এই অপশক্তিৰ বিৰোদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ দাবী জনায়।
লগতে ভাৰত বাংলা সীমান্তত কাটা তাৰৰ ব্যৱস্থা কৰাৰ দাবী জনায়। সংগঠনটোৰ নেতা সকলে মৌলবাদীৰ বিৰুদ্ধে সদায় গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে মাত মাতি যাব বুলি বক্তব্য প্ৰদান কৰে।
প্ৰতিবাদ থলীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চৈয়দ চৰিফুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক ৰফিকুল আহমেদ বৰা, প্ৰচাৰ সম্পাদক ইছৰাকুল ইছলাম, জিলা সদস্য হবিবুৰ ৰহমান, বদৰুল হুছেইন, মেহচিন আলমকে ধৰি জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ নেতা কৰ্মী সকল উপস্থিত থাকে৷
Comments