গুৱাহাটী, ৩ আগষ্ট: চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবীত মঙলবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰ লাষ্টগেটস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত অৱস্থান ধৰ্মঘট কৰে । প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে বিধায়ক অখিল গগৈয়ে শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰে৷ তেওঁ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধীতা কৰে ।
বিধায়ক অখিল গগৈয়ে গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দাবী জনায় ।আনহাতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধ কৰি তেওঁ মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এন ই পি ২০২০ৰ ৪.১৪ আৰু ১.১১ নিৰ্দেশনা বাহাল ৰখাৰ দাবী জনায় । লগতে তেওঁ কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক ভৱিষ্যতে প্ৰাদেশিকীৰণ নকৰাৰ সিদ্ধান্ত আৰু অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা তথা সংলগ্ন কৰা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায় ।
Comments