Cartoon
View Older
গুৱাহাটী,৩ আগষ্ট: ২ আগষ্টত ইতিহাস ৰঁচিলে গোলাঘাটৰ টেঙাবাৰী গাঁৱৰ নয়নমণি শইকীয়াই ৷ বাৰ্মিংহামত অনুষ্ঠিত কমৱেল্থ গেমছ-২০২২ৰ লনবল ফ’ৰ ইভেন্টত সোণ জয় কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণিয়ে গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ, ৰাজ্যলৈ, ৰাজ্যৰ বন বিভাগলৈ ৷কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় মহিলা দলৰ অন্যতম দলৰ সদস্য নয়নমণি শইকীয়াক ডিএছপি হিচাবে নিযুক্তি দিয়া হ'ব । ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নয়নমণি শইকীয়াক দিয়া হ’ব এই নিযুক্তি ৷
উল্লেখ্য যে, নয়নমণি শইকীয়াই পূৰ্বতে এগৰাকী ভাৰোত্তলক হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰিছিল ৷ কিন্তু এক আঘাতৰ বাবে নয়নমণিয়ে সেই কেৰিয়াৰ গঢ় দিব নোৱাৰিলে ৷ অসম আৰু ভাৰতক কেইবাৰো প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নয়নণিয়েই সদৌ শেষত সকলোকে আনন্দিত কৰি আন তিনি সহযোগীৰ সৈতে দেশলৈ কঢ়িয়াই আনিলে সোনৰ পদক ৷
Comments