গুৱাহাটী, ৪ আগষ্টঃ ছলমান খানে শেহতীয়াকৈ মৃত্যুৰ ধমক পোৱা পিছত অলপতে বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। তেওঁৰ পৰিয়ালে লৰেন্স বিষ্ণোই আৰু তেওঁৰ দলৰ পৰা মৃত্যুৰ ভাবুকি পোৱাৰ পিছত ছলমানে সহায়ৰ বাবে মুম্বাই আৰক্ষীৰ কাষ চাপিছিল, যাৰ বাবে তেওঁ বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।
লগতে জানিব পৰা গৈছে যে অভিনেতাজনে তেওঁৰ নিৰাপত্তা অধিক কটকটীয়া কৰিবলৈ এখন নতুন বুলেটপ্ৰুফ গাড়ীও ক্ৰয় কৰিছে।
ছলমানে শেহতীয়া বিমানবন্দৰ ভ্ৰমণৰ সময়ত এখন নতুন টয়োটা লেণ্ড ক্ৰুজাৰ গাড়ীত উপস্থিত হোৱা দেখা গৈছিল। গাড়ীখনৰ মূল্য প্ৰায় ১.৫০ কোটি টকা বুলি ধাৰণা কৰা হৈছে, এই গাড়ীখন সম্পূৰ্ণৰূপে বুলেটপ্ৰুফ হ'ব বুলি আশা কৰা হৈছে।
চুপাৰষ্টাৰ ছলমান বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে, তেওঁৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল, যিহেতু তেওঁ এইবাৰ তেওঁৰ নতুন গাড়ীত বিমানবন্দৰত উপস্থিত হৈছিল। ভিডিঅ'টোত দেখা গৈছে যে ছলমানৰ সুৰক্ষাৰ বাবে, তেওঁৰ লগত নিৰাপত্তাৰক্ষীও বহুত আছিল।
কেইদিনমান আগতে, লৰেন্স বিষ্ণোইৰ দলটোৱে ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। এই ভাবুকি পোৱাৰ পিছত, অভিনেতাজনে ২২ জুলাইত মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰক সাক্ষাৎ কৰে আৰু আত্মৰক্ষাৰ কথা উল্লেখ কৰি অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ বিচাৰে। অনুজ্ঞাপত্ৰ পোৱাৰ পিছত, ছলমানে তেওঁৰ সুৰক্ষা প্ৰণালীতো বহুতো পৰিৱৰ্তন কৰিছে।
Comments