গুৱাহাটী, ৪ আগষ্টঃ আমেৰিকাই ৰাছিয়াৰ অভিজাত লোকসকলক লক্ষ্য কৰি নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। নতুন নিষেধাজ্ঞাৰ অধীনত অন্তৰ্ভুক্ত সকলৰ ভিতৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰেমিকাও অন্তৰ্ভুক্ত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে এই সন্দৰ্ভত কৈছে যে, "বাইডেন প্ৰশাসনে প্ৰাক্তন অলিম্পিক জিমনাষ্ট আৰু ষ্টেট ডুমাৰ প্ৰাক্তন সদস্য (ৰাছিয়াৰ সংসদৰ নিম্ন সদন) আলিনা কাবায়েভাৰ ভিছা ফ্ৰীজ কৰিছে, আৰু তেওঁৰ সম্পত্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।"
বিভাগটোৱে লগতে কৈছে যে, "কাবায়েভা ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক সমৰ্থন কৰা এটা ৰাছিয়ান মিডিয়া কোম্পানীৰ মুৰব্বী। পুটিনৰ কাৰাগাৰত থকা সমালোচক আলেক্সি নাভালনিয়ে দীৰ্ঘদিন ধৰি কাবায়েভাৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ আহ্বান জনাই আহিছে।" তেওঁ লগতে কৈছে যে, "কাবায়েভাৰ মিডিয়া কোম্পানীয়ে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ সম্পৰ্কে পশ্চিমীয়া মন্তব্যক প্ৰচাৰ অভিযান চলাইছিল।
ব্ৰিটেইনে মে' মাহত কাবায়েভাৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ অনুমোদন জনাইছিল। একে সময়তে, ইউৰোপীয় ইউনিয়নে জুন মাহত তেওঁৰ ওপৰত ভ্ৰমণ আৰু সম্পত্তি নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগেও ৱিটেনহাৰ্ষ্ট এষ্টেটৰ গৰাকী আন্দ্ৰে গ্ৰিগোৰিয়েভিচ গুৰেভৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
২৫ টা কোঠাৰ ৱিটেনহাৰ্ষ্ট এষ্টেট হৈছে বাকিংহাম পেলেছৰ পিছত লণ্ডনৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰাসাদ। তেওঁৰ ১২০ নিযুত ডলাৰৰ য়াটটোও নিষেধাজ্ঞাৰ অধীনত আছে। ইয়াৰ পূৰ্বে, এপ্ৰিলত আমেৰিকাই পুটিনৰ কন্যা-কেটৰিনা ভ্লাদিমিৰোভনা টিখোনোভা আৰু মাৰিয়া ভ্লাদিমিৰোভনা ভোৰোণ্টছোভা দুয়োৰে ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
আৰ ডি আই এফৰ মুখ্য কাৰ্যবাহী বিষয়া কিৰিল দিমিত্ৰিভৰ পত্নী নাটালিয়া পোপোভাৰ বিৰুদ্ধেও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তেওঁৰ দুটা এম এম কে সহায়ক কোম্পানী, যি বিশ্বৰ সৰ্ববৃহৎ ইস্পাত উৎপাদকৰ ভিতৰত আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত হৈছে।
ট্ৰেজাৰী চেক্ৰেটেৰী জেনেট য়েলেনক উক্ত বিষয় সন্দৰ্ভত কয় যে, "ৰাছিয়াৰ অবৈধ যুদ্ধই নিৰীহ লোকসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পিছৰে পৰা পুটিনৰ মিত্ৰশক্তিয়ে নিজকে সমৃদ্ধ কৰিছে আৰু সমৃদ্ধ জীৱনশৈলীৰ বাবে পুঁজি যোগান ধৰিছে।"
Comments