Classifieds
View All
গুৱাহাটী, ৪ আগষ্টঃ আজি কমনৱেলথ গেমছৰ ট্ৰেকত নামিব হিমা দাস।কমনৱেলথৰ ২০০ মিটাৰ দৌৰত অংশ ল'ব 'ধিং এক্সপ্ৰেছ' হিমা দাসে।বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব লগিয়া ২০০ মিটাৰ দৌৰৰ বাবে সাজু হিমা দাস।হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।
কমনৱেলথ গেমছত অসম গৌৰৱ হিমা দাসৰ জয়ৰ কামনাৰে ধিং ,বটদ্ৰৱাৰ মন্দিৰে-মছজিদে চলিছে দোৱা-প্ৰাৰ্থনা ।হিমা দাসৰ সফলতা কামনাৰে মছজিদত সমূহীয়া দোৱা।
উল্লেখযোগ্য যে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ১৯৬৬ চনৰ পিছত হিমা দাসেই প্ৰথম ৫২ বছৰৰ মূৰত এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰিছিল।হিমা দাসক লৈ উত্তৰ–পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰেমীয়েও গৌৰৱ অনুভৱ কৰে।
Comments