গুৱাহাটী, ৪ আগষ্টঃ অসমৰ ছবি জগতলৈ আন এক সুখবৰ।বিশ্বৰ মানচিত্ৰত উজলিছে অসমৰ ছবি নিৰ্মাতা।টৰণ্টো আন্তৰ্জাতিক চলচ্চিত্র মহোৎসৱত বিশ্ববাসীৰ বাবে মুকলি হ'ব ৰীমা দাসৰ নতুন ছবি “তৰাজ হাজবেণ্ড’।টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (টিআইএফএফ) বিশ্ব প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হৈছে ভিলেজ ৰকষ্টাৰ্ছ খ্যাত ৰীমা দাসৰ দ্বাৰা প্ৰযোজিত ছবি 'তৰাজ হাজবেণ্ড'।
“তৰাজ হাজবেণ্ড’ হৈছে একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ যাক ২০২২ বৰ্ষৰ বাবে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে বাছনি কৰা দহখন চলচ্চিত্ৰৰ ভিতৰত 'তৰাজ হাজবেণ্ড' অন্যতম।
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস আৰু তৰালি কলিতাই।উল্লেখযোগ্য যে, “তৰাজ হাজবেণ্ড’ ছবিখন হৈছে এজন ব্যৱসায়ী দেউতাকৰ জীৱন কাহিনী।যাৰ জনসম্পৰ্ক আৰু ব্যক্তিগত সম্পৰ্ক কৰ'না ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত প্ৰভাৱিত হয়।
Comments