গুৱাহাটী,৪ আগষ্ট:অভিনেত্ৰী মধুবালাৰ ভগ্নী মধুৰ বৃজভূষণে মধুবালাৰ জীৱনক কেন্দ্ৰ কৰি ছবি নিৰ্মাণ কৰি থকা লোকসকলক সতৰ্ক কৰি দিছে৷ তেওঁ ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে মধুবালাৰ বায়োপিকৰ ওপৰত কেৱলমাত্ৰ তেওঁৰ পৰিয়ালৰ অধিকাৰ আছে বুলি মন্তব্য কৰে। ১৯৬০ চনত মধুবালাৰ অভিনেতা দিলীপ কুমাৰৰ সৈতে “মুগল-এ-আজম” নামে মুক্তিলাভ কৰা জনপ্ৰিয় ছবিখনক সেই সময়ত প্ৰায় প্ৰতিগৰাকী দৰ্শকেই মৰম দিছিল।
মধুবালা সেই সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল৷ শেহতীয়াকৈ মধুবালাৰ ভগ্নী মধুৰ বৃজভূষণে কয় যে, “মধুবালাৰ অফিচিয়েল বায়'পিক শীঘ্ৰেই মুক্তি পাব৷” ইয়াৰ উপৰিও মধুবালাৰ দ্বিতীয়খন বায়োপিক নিৰ্মাণ কৰি থকা চলচ্চিত্ৰ নিৰ্মাতাসকলকো সতৰ্ক কৰি দিছে৷
মধুৰ বৃজভূষণে পিংকভিলাক কৈছিল যে, “মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে মধুবালাৰ জীৱনীৰ দ্বাৰা অনুপ্ৰাণিত কোনো ধৰণৰ প্ৰকল্প নকৰিব, সেয়াও মোৰ অনুমোদন অবিহনে, আমাৰ বাবে এই মুহূৰ্তটো নষ্ট নকৰিব। যদি মানুহে মোৰ অনুৰোধ গ্ৰহণ নকৰে, তেন্তে আইনী পথ লোৱাৰ বাহিৰে মোৰ ওচৰত আন কোনো বিকল্প নাথাকিব। মই তেওঁলোকক আদালতলৈ লৈ যাম। মই যুঁজাৰু আৰু মই কেনেকৈ যুঁজিব লাগে জানো।”
Comments