গুৱাহাটী,৯ আগষ্ট:যোৰহাট জিলাৰ টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত ভাদমহীয়া পালনামৰ মাহ প্রসাদ বিতৰণৰ বাবে পলিথিনৰ পৰিৱৰ্তে এইবাৰ কলপাত আৰু প্লাষ্টিকৰ গিলাচৰ পৰিৱৰ্তে কাঁহৰ বাটি ব্যৱহাৰ কৰা হ'ব। ভাদমহীয়া নামৰ প্ৰস্তুতি সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত পৰিচালনা সমিতিৰ সভাপতি পবীন কলিতাই কালি ঘোষণা কৰা অনুসৰি ৩১ শাওণৰ নিশা ৮ বজাৰপৰা পালনাম আৰম্ভ হ'ব।
১ ভাদৰ পুৱা ৫ বজাত পুৱা প্ৰসংগ, ১০ বজাত দুপৰীয়া প্ৰসংগ, ২-৩০ বজাত বিয়লি প্রসংগ আৰু ৮-৩০ বজাত গধূলি প্ৰসংগৰে সৈতে দৈনিক চাৰি প্ৰসংগ হ'ব। নামাচার্য হিচাপে অংশগ্রহণ কৰিব ঢেকীয়াখোৱাৰ বৈকুণ্ঠপুৰ বটাৰগঞা সত্ৰৰ প্ৰণৱ গোস্বামীয়ে। পালনামৰ সমান্তৰালকৈ ২ ভাদত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ১২ ভাদত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি আৰু ২৯ ভাদত মহাপুৰুষ মাধৱদেৱৰ তিথি পালন কৰা হ'ব। ৩১ ভাদত নিশা স্থানীয় শিল্পীসকলে পৰিৱেশন কৰিব 'ৰুক্মিণী হৰণ' ভাওনা।
Comments