গুৱাহাটী,৯ আগষ্ট: সদৌ অসম জুডো সন্থাৰ উদ্যোগত পূব মণ্ডল খেলো ইণ্ডিয়া মহিলাৰ লীগ আৰু ৰেংকিং জুডো প্রতিযোগিতা অহা ২৭ৰ পৰা ৩১ আগষ্টলৈ গুৱাহাটী ছাই আঞ্চলিক কেন্দ্ৰত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ বাবে পূর্ণগতিত প্রস্তুতি চলাই থকা হৈছে বুলি অৱগত কৰি আজি আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পত থকা অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত ভাগ লৈ সন্হাৰ সম্পাদক জাফৰ খান আৰু প্ৰতিযোগিতাখনৰ সঞ্চালক অভিজিৎ দাসে কয় যে উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ উপৰি পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাকে ধৰি ১১খন ৰাজ্যৰ খেলুৱৈয়ো ভাগ ল'ব এই প্রতিযোগিতাখনত।
ছাব জুনিয়ৰত ৯টা ওজন শাখাত, কেডেটত ৮টা ওজন শাখাত, জুনিয়ৰ আৰু ছিনিয়ৰত এটাকৈ ওজন শাখাত খেল অনুষ্ঠিত হ'ব। প্ৰায় ৩৮৫ গৰাকী প্ৰতিযোগীয়ে ভাগ ল'ব প্রতিযোগিতাখনত। আয়োজক ৰাজ্য হিচাপে অসমৰপৰা পঞ্জীয়নভুক্ত ১৭খন জিলাৰ খেলুৱৈয়ে ভাগ ল'ব এই প্রতিযোগিতাত। উল্লেখ্য যে এই প্রতিযোগিতাৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ চাৰিটা স্থান লাভ কৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া মূল পর্বত খেলাৰ সুযোগ লাভ কৰিব ৷
Comments