গুৱাহাটী,৯ আগষ্ট:শিৱসেনাৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতক মুম্বাইৰ এখন বিশেষ আদালতে আজি ২২ আগষ্ট পর্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ধনৰ অবৈধ সৰবৰাহৰ গোচৰত এনফর্চমেন্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা ৰাজ্যসভাৰ সাংসদজন ই ডিৰ জিম্মাত আছিল। মুম্বাইৰ আদালতে ৰাউতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে এই সময়ছোৱাত ঔষধ যোগানৰ অনুমতি প্রদান কৰিছে।
১,০৩৪ কোটি টকাৰ দুর্নীতিৰ গোচৰত অভিযুক্ত ৰাউতক ই ডিয়ে পুনৰ জিম্মাত বিচাৰিছিল যদিও ন্যায়ালয়ে ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটাৰ পাছতেই ই ডিয়ে সঞ্জয় ৰাউতক গ্ৰেপ্তাৰ কৰিছিল। যোৱা এক আগষ্টত ই ডিয়ে ৰাউতক গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ পূর্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সাংসদজনৰ বাসগৃহত তালাচী চলাইছিল। সঞ্জয় ৰাউতৰ পত্নীৰ একাউণ্টতো ই ডিয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছিল। যোৱা শনিবাৰে ই ডিয়ে ৰাউতৰ পত্নীকো এই গোচৰ সন্দৰ্ভত সোধা-পোছা কৰে। স্মৰ্তব্য যে ৬০ বছৰীয়া সঞ্জয় ৰাউত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ অতি ঘনিষ্ঠ আছিল।
Comments